ৰাষ্ট্ৰীয়
গুৱাহাটী : পুনৰ চৰ্চালৈ আহিছে অসম লোকসেৱা আয়োগৰ অনিয়মৰ প্ৰসংগ৷ জেৰাৰ বাবে কেইবাজনো প্ৰাৰ্থীক তলব অসম লোকসেৱা আয়োগৰ তদন্ত আয়োগৰ৷ উল্লেখ্য যে, ২০১৩ চনৰ লোকসেৱা আয়োগৰ প্ৰাৰ্থীৰ উত্তৰ বহীত নম্বৰৰ বিসংগতি ধৰা পৰে৷ তাৰ পাছতে তদন্তৰ বাবে ন-পুৰণি বহু তথ্য খুঁচৰে আয়োগে।
ইতিমধ্যে, তলব কৰা কেইজনমানৰ নাম ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ হাতত আহি পৰিছে৷ তেওঁলোক ক্ৰমে, ঐশ্বৰ্য জীৱন বৰুৱা, স্বৰূপ কুমাৰ ভট্টাচাৰ্য, হেমেন দাস, ফাৰুক আহমেদ, ভাস্কৰ ওজা, নন্দিনী কাকতি, পুষ্কল গগৈ, দীপ্তি মালী, কল্যাণ কুমাৰ দাস, যুৱৰাজ বৰঠাকুৰ৷ ইতিমধ্যে এওঁলোকৰ ওপৰত তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে৷ ইয়াৰ ভিতৰতে আছে এগৰাকী প্ৰাক্তন ডি আই জিৰ পুত্ৰৰ নামো৷ লগতে আছে এজন সাংবাদিকৰ ভাতৃৰো নাম৷
Leave A Comment