• পুনৰ ছন্দপতন! চতুৰ্থ টেষ্টত বলাৰেই শেষ ভৰসা ভাৰতীয় দলৰ

    আঞ্চলিক
    পুনৰ ছন্দপতন! চতুৰ্থ টেষ্টত বলাৰেই শেষ ভৰসা ভাৰতীয় দলৰ

    ডিজিটেল ডেস্ক : কোনোবাখিনিত যেন ছন্দ আকস্মিক ছন্দপতন। তাৰকাখচিত ভাৰতীয় দলৰ শেহতীয়া ইংলেণ্ড ভ্ৰমণে পূৰণ কৰিব পৰা নাই অনুৰাগীৰ প্ৰত্যাশা। চতুৰ্থ টেষ্টতো ভাৰতীয় দলৰ প্ৰদৰ্শন আশা কৰাধৰণৰ নহ’ল। প্ৰথম ইনিংছ সামৰিলে মাত্ৰ ১৯১ ৰাণতে। দীঘলীয়া ইনিংছ খেলাত প্ৰায় আটাইকেইজন তাৰকা বেটছমেন ব্যৰ্থ হোৱাৰ পাছত শ্বাৰ্দুল ঠাকুৰৰ অৰ্ধশতকীয় ইনিংছেহে ভাৰতীয় দলৰ স্ক’ৰক কিছু উন্নত কৰে। ফাষ্ট বলাৰ শ্বাৰ্দুল ঠাকুৰে ৩১টা বলতে অৰ্ধশতক অৰ্জন কৰাৰ পাছত ভাৰতীয় দলৰ স্ক’ৰ কিছু সন্মানজনক পৰ্যায় পায়।





    এতিয়া এই যুঁজত ভাৰতে নিজৰ শেষ ৰক্ষা কৰাৰ একমাত্ৰ উপায় হৈ পৰিছে বলিং বিভাগহে। ইতিমধ্যে, ইংলেণ্ডৰ তিনিটা উইকেট দখল কৰি ভাৰতীয় বলাৰে যুঁজ কৰি দেখুওৱাৰ ইংগিত দিছে। প্ৰথম দিনাৰ খেলৰ শেষলৈ ইংলেণ্ডে ৫৩ ৰাণত তিনিটা উইকেট হেৰুৱাইছে। দ্বিতীয় দিনা ভাৰততকৈ ১৩৮ ৰাণত পিছপৰা অৱস্থাৰ পৰা ইংলেণ্ডে নিজৰ বেটিং আৰম্ভ কৰিব। উল্লেখ্য যে, ভাৰতৰ শেষৰক্ষাৰ ৰণত নেতৃত্ব দিছে দুৰন্ত ফাষ্ট বলাৰ বুম বুম বুমৰাহে। ইংলেণ্ডৰ দুয়োজন অপেনাৰক সোনকালে বিদায় দি ভাৰতক যুঁজাৰ পৰিৱেশ ৰচনা কৰি দিয়ে।





    ৰয় বাৰ্ণছ আৰু হাছিব হামিডৰ উইকেট একেটা অভাৰতে দখল কৰি বুমৰাহে ভাৰতীয় শিবিৰত কিছু আশাৰ সঞ্চাৰ কৰে। তাৰ পাছত ইংলেণ্ডে জো ৰুট আৰু ডেভিড মালানে ৪৬ ৰাণৰ যুঁটি বান্ধে। এই যুঁটি ভাৰতৰ বাবে বিপদজনক হৈ উঠাৰ পূৰ্বেই ৰুটক বিদায় দিয়ে উমেশ যাদৱে। ইয়াৰ পূৰ্বে ভাৰতীয় ইনিংছত ধুমুহা তুলিছিল ক্ৰিছ ওকছ আৰু অলি ৰবিনছনে। ওকছে চাৰিটা আৰু ৰবিনছনে তিনিটা উইকেট দখল কৰে। ভাৰতৰ হৈ কোহলীয়ে অৰ্ধশতকীয় ইনিংছ খেলে যদিও ভাৰতীয় ইনিংছক দৃঢ়তা দিব পৰাকৈ দীঘলীয়া ইনিংছ খেলাত তেওঁ ব্যৰ্থ হয়। পুনৰবাৰ ব্যৰ্থ হয় আজিংক ৰাহানেও। এনে পৰিপ্ৰেক্ষিতত এইখন টেষ্টতো ভাৰতক ৰক্ষা কৰাৰ মন্ত্ৰ এতিয়া বলাৰৰ হাততহে আছে। দ্বিতীয় দিনাৰ খেলেই ভাৰতীয় দলৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব চতুৰ্থ টেষ্টতো।