• পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

    আঞ্চলিক
    পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

    গুৱাহাটী : নিৰ্বাচনৰ সময়তে সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ সোধাই বৃদ্ধি কৰা হ’ল টোলগে’টৰ কৰ৷ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগে’টৰ কৰ৷ নতুন নিৰিখেৰে প্ৰকাশ পোৱা বিজ্ঞাপনৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷





    আৰু পঢ়িব পাৰিব : ক্ষোভৰ উদগীৰণ! প্ৰতিবাদী কৃষকৰ হাতত প্ৰহৃত বিজেপি বিধায়ক





    নতুন মাচুল অনুসৰি ৰহা টোলগে’টত সৰু বাহনৰ মাচুল ১০০ টকা, বাছ আৰু ট্ৰাকৰ মাচুল ৩৩৫ টকা, গধুৰ বাহনৰ মাচুল ৬৪০ টকালৈ বৃদ্ধি কৰা হৈছে৷ তদুপৰি নাজিৰাখাটত সৰু বাহনৰ মাচুল ১১৫ টকা, বাছ আৰু ট্ৰাকৰ মাচুল ৩৯৫ টকা, গধুৰ বাহনৰ মাচুল ৭৫০ টকালৈ বৃদ্ধি কৰিছে৷





    আৰু পঢ়িব পাৰিব : মহানগৰীত হাতত চোকা অস্ত্ৰ লৈ হাতী মাউতৰ সন্ত্ৰাস





    ইপিনে মান্দাৰদিছা টোলগে’টৰো কৰ বৃদ্ধি পাইছে৷ সাধাৰণ ৰাইজক টেটুচেপা দিয়া নীতি আনকি নিৰ্বাচনৰ সময়তো চৰকাৰে অব্যাহত ৰখাতো এক অশনি সংকট হিচাপে চিহ্নিত হৈছে। নিৰ্বাচনৰ সময়ত নিজৰ ঢাক-ঢোল বজাবলৈ পানীৰ দৰে ধন ব্যয় কৰা চৰকাৰে পৰৱৰ্তী সময়ত যে ৰাইজক অধিক টেটুচেপা দিব এই কথা তাৰেই ইংগিতস্বৰূপ হৈ পৰিছে।