National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
কোকৰাঝাৰঃ বিনদ মুছাহাৰী উৰ্ফে এম বাথাৰ নেতৃত্বধীন এনএলএফবিৰ বৃহৎ দল আজিও মূল সুঁতিলৈ আহিল সশস্ত্ৰ সংগঠনৰ কেডাৰ। প্লাটুন কমাণ্ডাৰ বি জাংখ্ৰিথাই নেতৃত্বত অত্যাধুনিক মাৰণাস্ত্ৰৰে মুকলি আকাশৰ তলত আহিল এনএলএফবিৰ কেডাৰসকল। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝাৰা ঘন জংঘলৰপৰা অহা এন এল এফ বি কেডাৰসকলক আদৰণি জনালে স্থানীয় ৰাইজে। ফলত ‘এনএলএফবি জিন্দাবাদ…’, ‘জৈ বড়ো হাৰিনি জৈ…’- ধ্বনিৰে উত্তাল কৰি তোলে সিংগিমাৰী গাঁৱৰ ৰাইজে।
উল্লেখ্য যে, বিগত ২২ জুলাইত ওদালগুৰি জিলাৰ ভাৰত-অৰুণাচল সীমান্তত এম বাথাৰ নেতৃত্বধীন ২৩জনীয়া আৰু ৮ আগষ্টত ভাৰত-ভূটান সীমান্ত ঝাৰবাৰীৰ ঘন জংঘলৰপৰা ৩২জন কেডাৰ মূল সুঁতিলৈ ওলাই অহাৰ পাছত আজি ভাৰত-বাংলাদেশ সীমান্ত পৰ্বতঝাৰা সিংগীমাৰী গাঁৱত হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ ২১জনীয়া কেডাৰসকল ওলাই আহিল। ঘন জংঘলৰপৰা মুকলি আকাশৰ তলত অহা সশস্ত্ৰ সংগঠনৰ কেডাৰসকলক আদৰণি জনাই ‘এনএলএফবিজিন্দাবাদ…’-ধ্বনিৰে উত্তাল কৰি তুলিলে স্থানীয় ৰাইজে।
প্ৰথমে ২৩জন, দ্বিতীয়ত ৩২জন ওলাই অহাৰ পাছত আজি ২১জন অৰ্থাৎ মুঠ ৭৬জন কেডাৰ ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনা বাবে ওলাই আহিল আৰু ১২৪জন কেডাৰ বাকী থাকিল জংঘল পৰা ওলাই আহিবলৈ। সেই বাকী কেডাৰ স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰি আৰু শোণিতপুৰত মুকলি আকাশৰ তলত সকলোৱে উলাই আহিব বুলি প্ৰকাশ কৰিছে সশস্ত্ৰ সংগঠনৰ উপাধ্যক্ষ বি বোকো আৰু শান্তি আলোচনা মধ্যস্থতাকাৰী পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচ-এ।
Leave A Comment