• পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

    আঞ্চলিক
    পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

    চিৰাং: চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত বিজনী মনেশ্বৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহটো নিখিল মহানায়কৰ পুত্ৰ কৃষ্ণ মহানায়ক(৩৩) বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সন্ধিয়া উক্ত অঞ্চলৰ নিজ বাসগৃহৰ নিকটৱৰ্তী পাখাজানি নৈত মাছ মাৰিবলৈ ওলাই গৈছিল যুৱকজন।





    ওৰেনিশা যুৱকজনৰ সন্ধান বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে। পুৱা উক্ত অঞ্চলৰ স্থানীয় ৰাইজে পাখাজানি নৈত গা-ধুবলৈ গৈ ওপঙি থকা প্ৰত্যক্ষ কৰে মৃতদেহটো। পাছত স্থানীয় ৰাইজে পৰিয়ালৰ লোকক খবৰ দিয়াত ততাতিয়াকৈ বিজনী আৰক্ষীক খবৰ দিয়ে।





    আৰক্ষীয়ে মৃতদেহটো পানীৰ পৰা উঠাই লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে যুৱকজনৰ মৃত্যুৰ ঘটনাটো কেনেকৈ সংঘটিত হ'ল, এক সেয়াহে এক ৰহস্যৰ আবৰ্তত! ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।