• পুনৰ লুইতৰ বকুত উদ্ধাৰ বেগ, উদ্বিগ্ন প্ৰশাসন

    আঞ্চলিক
    পুনৰ লুইতৰ বকুত উদ্ধাৰ বেগ, উদ্বিগ্ন প্ৰশাসন

    বিশ্বনাথঃ বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্ট্ৰি হৈছে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ AS:07R8009 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ ৰেজিষ্টেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড।





    ভোটাৰ কাৰ্ডত মদন পেগুৰ ঠিকনা মাজুলী বুলি উল্লেখ আছে। লগতে বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু অন্য কেইখনমান নথি-পত্ৰও উদ্ধাৰ হৈছে। আনহাতে এই বেগটোতে ছামেদ আলীৰ নামত থকা AS-06V2198 নম্বৰৰ এনফিল্ড বাইকৰ ৰেজিষ্টেচন কাৰ্ড এখনো উদ্ধাৰ হয়।





    উল্লেখ্য যে কালি আবেলি বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজনমান মাছমৰীয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে। সামগ্ৰীসমূহ মাজুলীৰ নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ যাত্ৰীৰে সামগ্ৰী বুলি সন্দেহ প্ৰকাশ কৰা হৈছে!