• পুনৰ হত্যাকাণ্ডঃ দাৰে ঘপিয়াই শিৰচ্ছেদ পত্নীক

    আঞ্চলিক
    পুনৰ হত্যাকাণ্ডঃ দাৰে ঘপিয়াই শিৰচ্ছেদ পত্নীক

    শোণিতপুৰঃ ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা৷ এইবাৰ স্বামীৰ নৃশংস হত্যাকাণ্ডৰ বলি হ'ল মহিলা৷ স্বামীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰিলে পত্নীক। ঘটনাৰ বিৱৰণী অনুসৰি, আব্দুল ছালাম নামৰ এজন ব্যক্তিয়ে বুধবাৰে পথাৰৰ পৰা কাম কৰি আহি পত্নীৰ সৈতে সাধাৰণ কথাতে কাজিয়াত লিপ্ত হয়৷





    আৰু খঙৰ প্ৰকোপত দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে পত্নী খুদেজা খাতুন(৫০)ক৷ শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কমাৰচুবুৰী গাঁৱৰ সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো৷ এই সমগ্ৰ হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতেই ৭টা সন্তানৰ পিতৃ আব্দুল ছালামক ৰাইজে গছত বান্ধি ঠেলামৰা আৰক্ষীক খবৰ দিয়ে। পাছত পৰিয়ালৰ এজাহাৰ ভিত্তিত ঠেলামৰা আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। আনহাতে, ঘটনাস্থলীত শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত কবিতা ফাংছোঁ আৰু ঠেলামৰাৰ দণ্ডাধীশ বৰণ্য ৰঞ্জন বৰঠাকুৰ উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ‘তেজপুৰ চিকিৎসা মহাবিদ্যালয়’লৈ প্ৰেৰণ কৰে।