ডিজিটেল ডেস্ক: চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অবৈধ ভূমি দখলকাৰীক উচ্ছেদ কৰাৰ কাৰ্য অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে৷ এই উচ্ছেদ ক লৈ সংঘটিত হোৱা ধলপুৰৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাইছিল৷ থিক সেই সময়তে আন এক অঞ্চলৰ উচ্ছেদক লৈ সৰব হৈছে চৰকাৰ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ চৰকাৰী ভূমিত বেদখল চলি থকাৰ বিৰুদ্ধে সৰব হৈছে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদ।
উল্লেখযোগ্য যে, জিলাখনৰ সীমান্তৰ নাগালেণ্ডৰ পৰা অহা একাংশ অবৈধ দখলকাৰীয়ে অসমৰ ভূমি বলপূৰ্বক অধিগ্ৰহণ কৰি গাঁও স্থাপন কৰিছে। কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি পৰিষদে এই অবৈধ ভূমি দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
দুৰ্গা পূজাৰ পূৰ্বে সীমান্তৰ অসমৰ ভূমিত বসবাস কৰা প্ৰায় এক হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ ইতিমধ্যে পৰিষদ তথা প্ৰশাসনে প্ৰস্তুতি চলাইছে। উল্লেখ্য যে, এক নং দুৱাৰ আমলা পৰিষদত অনুষ্ঠিত হোৱা এক শান্তি সভাত অংশগ্ৰহণ কৰি চিইএমগৰাকীয়ে পাঁচ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ কৰে। দীৰ্ঘদিন ধৰি এই লোকসকলে নগাঁও-কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া এলেকাত বসবাস কৰি থকাৰ ফলত স্থায়ী ভূমিপট্টা লাভৰ পৰা বঞ্চিত হৈ আছিল।
Leave A Comment