• পুৰণি কাৰাগাৰত নিৰ্মাণ হ’ব অত্যাধুনিক ব’টানিকেল গাৰ্ডেন

    আঞ্চলিক
    পুৰণি কাৰাগাৰত নিৰ্মাণ হ’ব অত্যাধুনিক ব’টানিকেল গাৰ্ডেন

    গুৱাহাটী: মহানগৰীৰ ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ পুৰণি কাৰাগাৰত অত্যাধুনিক ব’টানিকেল উদ্যান নিৰ্মাণ কৰা হ’ব৷ গছৰ পুলি ৰোপণেৰে এই প্ৰকল্পটোৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷





    কাৰাগাৰৰ ৫৪ বিঘা ভূমিৰ ৩৫বিঘাত নিৰ্মাণ হ’ব ব’টানিকেল উদ্যান৷ ২০বিঘা ভূমি অতিৰিক্তভাৱে খালী কৰি ৰখা হ’ব৷ প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত ব্যয় হ’ব ৩৫ কোটি টকা৷





    এই অনুষ্ঠাটিত ‍মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘাল, কুইন ওজা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যও৷