National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
শিৱসাগৰ: শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰামুক্ত হোৱাৰ পাছত শুকুৰবাৰে উপস্থিত হয় গৃহ সমষ্টিত। শ শ শুভাকাংক্ষীৰ আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পাছত শনিবাৰে অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান।
বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত হৈ তাত থকা জয়দৌল, দেৱীদৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান পৰিদৰ্শন কৰে। তাৰ পাছত বিধায়ক অখিল গগৈ উপস্থিত হয় জয়মতী মৈদাম আৰু হৰগৌৰী দেৱালয়ত। পৰিদৰ্শন কৰে ঐতিহাসিক তলাতল ঘৰো।
ইয়াৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে পুৱাই ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত প্ৰাতঃভ্ৰমণ কৰি পুখুৰীৰ পাৰ, ঐতিহাসিক শিৱদৌলৰ চৌহদ আৰু যমুনা পৰিদৰ্শন কৰি বৰ্তমানৰ অৱস্থাৰ বুজ লয়। অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা কঁপিকলযুক্ত দলংখনৰো বৰ্তমান অৱস্থাৰ বুজ লয়। এই পৰিদৰ্শন কালত ঐতিহাসিক স্থানসমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদিগ্ন হৈ পৰে বিধায়কগৰাকী।
Leave A Comment