গুৱাহাটী : আগন্তুক দুৰ্গোৎসৱত পূজামণ্ডপ আৰু পূজাস্থলীত ল’বলগা বিশেষ ব্যৱস্থাৱলীৰ বিষয়েও প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷
(১) পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব। যিকোনো দুগৰাকী দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিডবিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলীত যথেষ্ট ঠাই থাকিব লাগিব।
(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক (Signage) দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব।
(৪) দৰ্শনাৰ্থীয়ে ক'ভিড প্ৰট'কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিতভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।
(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষাকেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব।
Leave A Comment