• পেৰালিম্পিকঃ ‘সোণালী পুত্ৰ’লৈ তামিলনাডু চৰকাৰৰ ২ কোটি টকাৰ পুৰস্কাৰ

    আঞ্চলিক
    পেৰালিম্পিকঃ ‘সোণালী পুত্ৰ’লৈ তামিলনাডু চৰকাৰৰ ২ কোটি টকাৰ পুৰস্কাৰ

    তামিলনাডুঃ তামিলনাডু চৰকাৰে মঙলবাৰে ট’কিঅ’ পেৰালিম্পিক্সৰ হাই জাম্পত ৰূপৰ পদক জয় কৰাৰ স্বীকৃতি স্বৰূপে এথলীট মাৰিয়াপ্পান থাংগেভেলুলৈ ২ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। তামিলনাডুৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চলিত পেৰালিম্পিকত অৰ্জন কৰা সফলতাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য যে, চলিত পেৰালিম্পিকত উন্নত প্ৰদৰ্শনৰ বাবে মৰিয়াপ্পান থাংগেভেলু, সিংৰাজ আদানা আৰু শৰদ কুমাৰক অভিনন্দন জনাই ৰাজ্যপাল গৰাকীয়ে সদৰী কৰে যে, ‘তেওঁলোকৰ সাফল্যই আন খেলুৱৈসকলকো তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰদানৰ বাবে অনুপ্ৰাণিত কৰিব। তেওঁলোকৰ অনুপ্ৰেৰণাই দেশলৈ সুনাম কঢ়িয়াই আনিব।’






    ষ্টেলিনে এক বিবৃতি যোগে সদৰী কৰে যে, ‘ ২০১৬ চনৰ ৰিঅ' পেৰালিম্পিকত স্বৰ্ণ জয় কৰাৰ বাবে থাংগেভেলুক তামিলনাডুৰ ‘সোণালী পুত্ৰ’ বুলি অভিহিত কৰা হৈছিল আৰু আজি তেওঁৰ ৰূপৰ পদক বিজয়েৰে দেশৰ নাম উজলাবলৈ সক্ষম হৈছে।’ ট’কিঅ’ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰা বাবে মাৰিয়াপ্পান থাংগেভেলুক ২ কোটি টকা প্ৰদান কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ষ্টেলিনে কয়, ‘ট’কিঅ' ২০২০ পেৰালিম্পিকত ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰাখিছে। হাই জাম্পত একেৰাহে দ্বিতীয়টো পেৰালিম্পিক পদক অৰ্জন কৰা আমাৰ তামিলনাডুৰ তাৰকা থিৰু মাৰিয়াপ্পান থাংগেভেলু, হাই জাম্প আৰু শ্বুটিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে থিৰু শৰদ কুমাৰ আৰু থিৰু সিংৰাজ আধানাক অভিনন্দন জনাইছো।’