• পেৰালিম্পিকত উদ্ভাসিত ভাৰতীয় এথলীটঃ প্ৰবীণৰ ৰূপ, অবনীৰ ব্ৰঞ্জ

    আঞ্চলিক
    পেৰালিম্পিকত উদ্ভাসিত ভাৰতীয় এথলীটঃ প্ৰবীণৰ ৰূপ, অবনীৰ ব্ৰঞ্জ

    নতুন দিল্লীঃ ট’কিঅ’ পেৰালিম্পিকত জয়ৰ অভিযান অব্যাহত ৰাখিছে ভাৰতে। চমকপ্ৰদ প্ৰদৰ্শনেৰে ট’কিঅ’ৰ মঞ্চত উজলি উঠিছে ভাৰতীয় এথলীট। ২টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকৰে এতিয়ালৈ মুঠ ১২টা পদক লাভ কৰিছে ভাৰতে। ট্ৰেইলব্লেজিং শ্বুটাৰ অবনী লেখাৰাই শুকুৰবাৰে চলিত গেমছত আৰু এটা পদক লাভ কৰিছে। প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত ব্ৰঞ্জৰ পদক লাভ কৰিছে অবনীয়ে। ইয়াৰ পূৰ্বেও ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং এছএইচ-১ত স্বৰ্ণপদক লাভ কৰিছিল অবনী লেখাৰাই। প্ৰবীণ কুমাৰে পুৱা হাইজাম্পত ৰূপৰ পদক অৰ্জন কৰিছিল। আনহাতে, অবনী লেখাৰাই শ্বুটিঙত লাভ কৰিছে ব্ৰঞ্জৰ পদক। মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অবনীয়ে।






    পেৰালিম্পিকৰ একেটা ছিজনতে দুটাকৈ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় মহিলা তথা চতুৰ্থ ভাৰতীয় এথলীট হিচাপে বিবেচিত হৈছে অবনী লেখাৰা। ইয়াৰ আগতে যোগিন্দৰ সিং বেদী, মৰিয়াপ্পান থাংগাভেলু আৰু দেৱেন্দ্ৰ ঝাঝাৰিয়াই অৰ্জন কৰিছিল এই কৃতিত্ব।






    ক্ৰীড়াবিদগৰাকীৰ সাফল্যত বিপুল আনন্দ প্ৰকাশ কৰিছে দেশবাসীয়ে। ব্ৰঞ্জ জয়ৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰে এথলীটগৰাকীক। তেওঁ কয়, ‘ ট’কিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ সফলতাই দেশখনক গৌৰৱান্বিত কৰি তুলিছে। অবানী লেখাৰাই আজি সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে। ব্ৰঞ্জ জয় কৰাৰ বাবে আন্তৰিক অভিনন্দন। ভৱিষ্যতৰ বাবে বহুতো শুভকামনা।’