• পেৰালিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত, ব্ৰঞ্জ লাভ সিংহৰাজৰ

    আঞ্চলিক
    পেৰালিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত, ব্ৰঞ্জ লাভ সিংহৰাজৰ

    নতুন দিল্লীঃ পেৰালিম্পিকত ভাৰতে জয়ৰ অভিযান অব্যাহত ৰাখিছে। ভাৰতীয় এথলীটৰ উন্নত প্ৰদৰ্শনে আনি দিছে এটাৰ পাছত এটাকৈ সাফল্য। পেৰালিম্পিকৰ সাফল্যোৎসৱত বুৰ গৈছে দেশবাসী। থমকি ৰোৱা নাই ভাৰত। এইবাৰ ভাৰতীয় শ্বুটাৰ সিংৰাজে ২০২০ ট’কিঅ’ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছে। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল পিষ্টল এছএইচ-১ ফাইনেলত অংশগ্ৰহণ কৰিছিল সিংৰাজে। ২১৬.৮ পইণ্ট লাভেৰে অৰ্জন ব্ৰঞ্জৰ পদক। ভাৰতৰ পদকৰ তালিকাত আন এটা সফলতাৰ সংযোজন কৰিলে সিংহৰাজে। ২টা সোণ, ৪টা ৰূপ আৰু ৩টা ব্ৰঞ্জেৰে এতিয়ালৈকে ভাৰতে পেৰালিম্পিকত মুঠ ৮টা পদক অৰ্জন কৰিছে।






    পেৰালিম্পিকত সিংৰাজৰ সাফল্যই উৎসাহিত কৰি তুলিছে দেশবাসীক। ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত সমগ্ৰ দেশবাসীয়ে শুভেচ্ছাৰ বন্যাৰে উপচাই পেলাইছে ভাৰতীয় এথলীট গৰাকীক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰে এথলীট সিংহৰাজক। তেওঁ টুইটাৰযোগে সদৰী কৰে যে, ‘সিংৰাজে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে। দেশৰ প্ৰতিভাশালী শ্বুটাৰে ব্ৰঞ্জৰ পদক জিকিছে,এয়া গৌৰৱৰ বিষয়। কঠোৰ অনুশীলনৰে এয়া ফল। আজি তেওঁ সেই ফলাফল নিজ হাতে পাইছে। মই তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁৰ ভৱিষ্যত জীৱনৰ বাবে বহুতো শুভকামনা।’ চূড়ান্ত খেলখনত ভাৰতীয় এথলীটগৰাকীৰ প্ৰদৰ্শন আছিল চকুত লগা। সিংকৰাজে ব্ৰঞ্জৰ পদক লাভৰ লগতে চীনা এথলীট ডিফেণ্ডিং চেম্পিয়ন চাও য়াং আৰু হুয়াং জিং-এ ক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে।