Education
নতুন দিল্লী : পেচাত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। এখন জিলাৰ জিলা দণ্ডাধীশ হিচাপে তেওঁ কৰ্মৰত হৈ আছে। কিন্তু তেওঁ সংবাদ শিৰোনামলৈ আহিছে আন এক কাৰণতহে। ট’কিঅ’ পেৰা-অলিম্পিকত ভাৰতৰ সফলতাৰ পৰিসীমা অধিক বৃদ্ধি কৰিছে এইগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়াই। পেৰা অলিম্পিকৰ বেডমিণ্টনৰ ছিংগল শাখাত তেওঁ অৰ্জন কৰিছে ৰূপৰ পদক।
ফ্ৰান্সৰ লুকাছ মাজুৰ বিৰু্দ্ধে ফাইনেলত পৰাজিত হ’লেও ভাৰতৰ সুহাস লালিনাকেৰে য়াথিৰাজে ঐতিহাসিক ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ফাইনেলত বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈগৰাকীৰ সৈতে তুমুল যুঁজি দি খেলুৱৈগৰাকী পৰাজিত হয় যদিও তেওঁক নতুন ইতিহাস ৰচনাৰ পৰা কোনেও বাধা দিব নোৱাৰিলে।
নয়ডা জিলাৰ দণ্ডাধীশ সুহাস লালিনাকেৰে য়াথিৰাজে প্ৰথমজন আইএএছ বিষয়া হিচাপে পেৰা অলিম্পিকত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ছেমিফাইনেলত তেওঁ ইণ্ডোনেছিয়াৰ ফ্ৰেডী ছেটিয়াৱানক পৰাজিত কৰিছিল। উল্লেখ্য যে, এইবাৰৰ ট’কিঅ’ পেৰা-অলিম্পিকত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। তিনিটা সোণৰ পদকসহ পদক তালিকা দীঘলীয়া কৰি হৈ আছে ভাৰতীয় খেলুৱৈয়ে।
Leave A Comment