International
নতুন দিল্লী : ট’কিঅ’ পেৰাঅলিম্পিকত পদক জয়েৰে ভাৰতৰ শিৰ উচ্চ কৰি তুলিছে ভাৰতৰ প্ৰতিনিধিসকলে। তিনিটাকৈ স্বৰ্ণজয়ৰ গৰ্ব দেশক উপহাৰ দিছে ভাৰতৰ পেৰা অলিম্পিয়ানে। শনিবাৰে ৫০ মিটাৰ মিক্সড পিষ্টল শ্বুটিঙত স্বৰ্ণ জয় কৰা মনীষ আৰু ৰূপৰ পদকজয়ী সিংহৰাজলৈ বৃহৎ আর্থিক পুৰস্কাৰ আগবঢ়াইছে হাৰিয়ানা চৰকাকে। অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনেৰে স্বৰ্ণ জয় কৰা মনীষলৈ আগবঢ়োৱা হৈছে ৬ কোটি টকাৰ পুৰস্কাৰ।
আনহাতে, ৰূপৰ পদকজয়ী সিংহৰাজ আধানাক আগবঢ়োৱা হৈছে ৪ কোটি টকাৰ পুৰস্কাৰ। ট’কিঅ’ পেৰা অলিম্পিকত ভাৰতে এই পৰ্যন্ত ১৫টা পদ জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় অলিম্পিয়ানসকল। শনিবাৰে মনীষ আৰু সিংহৰাজৰ হাতত ধৰি চতুৰ্দশ আৰু পঞ্চদশ পদকটো লাভ কৰিবলৈ সক্ষম হয় ভাৰতে। তিনিটা সোণৰ পদকৰ লগতে ভাৰতে লাভ কৰিছে সাতটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক। প্ৰথমবাৰৰ বাবে কোনো পেৰা অলিম্পিকত ইমানসংখ্যক পদক জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে।
ইতিমধ্যে বেডমিণ্টনৰ ফাইনেলত প্ৰৱেশৰ জৰিয়তে নিশ্চিত কৰা হৈছে ৰূপৰ পদক। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োগৰাকী পদকবিজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে। টুইটাৰত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ট’কিঅ’ পেৰা অলিম্পিকত ভাৰতৰ সফলতাৰ যাত্ৰা অব্যাহত। মনীষ নাৰৱালৰ সাফল্যত উচ্ছ্বসিত হৈছোঁ। তেওঁৰ স্বৰ্ণজয় ভাৰতীয় ক্ৰীড়াৰ জগতৰ বাবে গৌৰৱৰ মুহূৰ্ত। তেওঁলৈ অনেক শুভেচ্ছা জনাইছোঁ। অনাগত সময়ৰ বাবেও তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Leave A Comment