• পেৰিচত স্বৰ্ণজয়ৰ লক্ষ্য লৈ অসমত লাভলীনা, অনুৰাগীৰ স্নেহত আৱেগিক

    আঞ্চলিক
    পেৰিচত স্বৰ্ণজয়ৰ লক্ষ্য লৈ অসমত লাভলীনা, অনুৰাগীৰ স্নেহত আৱেগিক

    গুৱাহাটী : অসমৰ মাটিত ভৰি দিলে অলিম্পিকৰ প্ৰথম পদকবিজয়ী অসমীয়া লাভলীনা বৰগোহাঁইয়ে৷ আজি পুৱাৰ ভাগতে বৰঝাৰ বিমানবন্দৰ উপস্থিত হয় লাভলীনা। বৰঝাৰত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ নতুন তাৰকাগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ বৰঝাৰ উপস্থিত হৈয়ে আৱেগিক হৈ পৰে লাভলীনা৷ তেওঁৰ অসংখ্য অনুৰাগীক কাষতে পাই বিমান বন্দৰতে আৱেগিক হৈ পৰে ট’কিঅ’ৰপৰা ওভতা বক্সাৰগৰাকী৷





    লাভলীনাই কয়, 'অসমলৈ মেডেল অনাৰ বাবে সুখী৷ অসমবাসীৰ মৰম আৰু আন্তৰিকতাৰ বাবে সকলো সম্ভৱ হৈছে৷ তথাপি সোণৰ পদক জয় কৰিব নোৱাৰাৰ বাবে মই দুঃখিত৷ পেৰিচ অলিম্পিকত মোৰ লক্ষ্য হ’ব গ'ল্ড মেডেল।' তেওঁৰ এই যাত্ৰাত সকলোৰে সহযোগিতাৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনায়৷





    আজি বিশাল কনভয়েৰে আদৰি অনা হয় ভাৰত গৌৰৱ লাভলীনাক৷ বৰঝাৰ বিমানবন্দৰৰ পৰা তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা৷ লাভলীনাক মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়ামন্ত্ৰী বিমল বৰা, আন ভালেমান শীৰ্ষ নেতা, ভালেমান বিশিষ্ট ব্যক্তি আৰু আছুৰ শীৰ্ষ নেতৃবৰ্গই আদৰণি জনায়৷ ১৭ আগষ্টত নিজ গৃহত উপস্থিত হ'ব তেওঁ৷ কাইলৈ পুনৰ দিল্লীলৈ উভতিব লাভলীনা৷ লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব এথলীটকগৰাকীয়ে৷





    তাজত জিৰণি লৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত সম্বৰ্ধনা সভাত অংশ ল'ব লাভলীনাই। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰাৰ লগতে জনাব সম্বৰ্ধনা।