Sci & Tech
গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিৱেশ সন্দৰ্ভত আজি প্ৰকাশ পাব নতুন এছঅ’পি! আমালৈ অহা খবৰ অনুসৰি কেইবাখনো জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা আছে। বিশেষকৈ গোলাঘাট, যোৰহাট, শোণিতপুৰ জিলাত লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
গোলাঘাটত কালিৰ দিনটোত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৩৩৩ জন। শোণিতপুৰত ২৩৩ জন, যোৰহাটত ১৫১ জন আক্ৰান্ত। ইফালে, গুৱাহাটীতো পুনৰ বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। গুৱাহাটীত কালিৰ দিনটোত আক্ৰান্ত হৈছে ১৯৭ জন লোক।
গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথ জিলাতো চলি আছে লকডাউন। বোকাখাত মহকুমাতো চলি আছে লকডাউন। গুৱাহাটীত সান্ধ্যআইনৰ সময় পুনৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে।
Leave A Comment