• প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ বৰ্ষপূৰ্তি অনুষ্ঠান, একুৰি ব্যক্তিলৈ সাহিত্য-সংস্কৃতিৰ বঁটা

    আঞ্চলিক
    প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ বৰ্ষপূৰ্তি অনুষ্ঠান, একুৰি ব্যক্তিলৈ সাহিত্য-সংস্কৃতিৰ বঁটা

    ডিজিটেল ডেস্কঃ অহা ৩ অক্টোবৰত ‘প্ৰজ্ঞাকস্তুৰী প্ৰকাশন’ৰ চতুর্থ বৰ্ষপূৰ্তি অনুষ্ঠান। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ‘প্ৰজ্ঞাকস্তুৰী প্ৰকাশন’-এ সাহিত্য-সংস্কৃতিলৈ অৱদান যোগোৱা অসমৰ মুঠ ২০ গৰাকী ব্যক্তিলৈ আগবঢ়াব ‘প্ৰজ্ঞাকস্তুৰী সাহিত্য আৰু সংস্কৃতি সন্মান’। লগতে ‘প্ৰজ্ঞাকস্তুৰী শিশু সাহিত্য-২০২১ বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে মৃণালিনী গোস্বামী । বৰ্ষশ্ৰেষ্ঠ কবি বঁটাৰ বাবে নিৰ্বাচিত হৈছে মামণি কলিতা , বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে কলিয়াবৰৰ চোনিয়া মুক্তিয়াৰ আৰু প্ৰজ্ঞাকস্তুৰী প্ৰেৰণা বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৰূপালী মহন্ত ।





    প্ৰজ্ঞাকস্তুৰী সাহিত্য আৰু সংস্কৃতি সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিসকল ক্ৰমে হীৰামণি দাস , বীণা কুমাৰী দেৱী, লুকুমণি বৰুৱা, প্ৰেম বৈষ্ণৱ, বৰষা দত্ত, উজ্জ্বল ডেকা, জিণ্টুমণি দাস, মিণ্টু দাস, জয়ন্ত বৰা, ইন্দ্ৰজিৎ কাকতি, প্ৰাঞ্জল গোঁহাই, লিলি বৰুৱা হাজৰিকা, পৰমেশ্বৰী ডেকা, ৰূপাঞ্জলী হাজৰিকা, তীৰ্থ পিণ্টু বৰা আৰু প্ৰস্তুতি শৰ্মা । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ভালেকেইজন ন-পুৰণি কবি, লেখকৰ গ্ৰন্থ উন্মোচন কৰা হ’ব । তাৰে ভিতৰত বিশ্বনাথ চাৰিআলিৰ কবি প্ৰেম বৈষ্ণৱৰ ‘মোৰ সপোনৰ দস্তাবেজ’ , তেজপুৰ ঢেকীয়াজুলিৰ বিশিষ্ট কবি জয়ন্ত বৰাৰ ‘মাৰ চিঠি’ , যোৰহাটৰ বিশিষ্ট লেখিকা ৰঞ্জু পূজাৰী দত্তৰ ‘বিয়ানাম’, জনপ্ৰিয় লেখিকা মামণি কলিতাৰ ‘অপৰাজিতা’ , কবি বৰষা দত্তৰ ‘নীলাঞ্জনা’ , কবি ৰূপজ্যোতি শইকীয়াৰ ‘এচেৰেঙা ৰ'দৰ সন্ধানত’ , যোৰহাট চিনামৰাৰ লেখিকা সুৱলা দাসৰ গল্প সংকলন ‘আহত সময়’ , প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ সম্পাদক কবি দাদুমণি বৰাৰ ‘ক্ৰোধাগ্নি’, সহঃসম্পাদক জিণ্টুমণিৰ অনুভৱৰ পুথি ‘জীৱন বাটৰ খোজ’। লগতে জ্যোৎস্না বৰা শইকীয়াৰ ‘বীৰাঙ্গণা লক্ষ্মীবাঈ’, ‘ফুলন’ আৰু এখনি ই-সংকলন ‘জোনৰ জোনাক’ উন্মোচিত কৰা হ’ব ।