International
ডিব্ৰুগড়ঃ ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও ‘আছু’ৰ। জিলাখনৰ ব্যক্তিগত চিকিৎসালয় আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহে ৰোগীক পণ্য হিচাপে ব্যৱহাৰৰ প্ৰতিবাদত সোমবাৰে ডিব্ৰুগড় জিলা ছাত্র সন্থাই যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। আছুৰ জিলা সভাপতি বুলবল দত্ত আৰু সাধাৰণ সম্পাদক অৱনী গগৈৰ নেতৃত্বত ৰূপপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
আছুৰ নেতৃত্বই অভিযোগ কৰি কয় যে, চৰকাৰী গাইডলাইনৰ বিৰুদ্ধে কাম কৰিছে ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে। ইয়াৰ লগে লগে ডিব্ৰুগড় চহৰত কাঠফুলাৰ দৰে ব্যক্তিগত পৰীক্ষাগাৰ গঢ় লৈ উঠিছে। কোনোধৰণৰ অনুজ্ঞাপত্ৰ নথকাকৈ পৰীক্ষাগাৰসমূহত থকা টেকনিচিয়ানসকলৰ শিক্ষাগত অৰ্হতাক লৈয়ো প্ৰশ্ন তুলিছে। পৰীক্ষাগাৰসমূহে নিৰ্ধাৰিত মূল্যতকৈ উচ্চদামত আদায় কৰি আহিছে ধন। ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে নাকী লগাব পৰা নাই। এই সন্দৰ্ভত ২০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক দাবী জনাইছে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতা-কৰ্মীয়ে।
Leave A Comment