• প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

    আঞ্চলিক
    প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

    গুৱাহাটী : গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি যুটীয়া সংবাদমেলত আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ কৰিছে৷ আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল বুলি সংবাদমেলত গুৰুতৰ অভিযোগ কৰিছে কংগ্ৰেছ নেতৃত্বই৷





    সভাপতি ৰিপুন বৰা,সাংসদ প্ৰদ্যুত বৰদলৈ,গৌৰৱ গগৈ,আব্দুল খালেকৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনো আছিল সংবাদমেলত৷





    আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !





    ইতিমধ্যে গুলীয়াবলৈ উদ্যত হোৱা আৰক্ষী বিষয়াজনৰ ফটো সংগ্ৰহ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ OC আৰু SPৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও কংগ্ৰেছ দলৰ নেতৃত্বই জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি প্ৰতিবাদী মহিলাক আৰক্ষীয়ে প্ৰহাৰ কৰাৰো অভিযোগ তুলিছে৷ 





    প্ৰতিবাদৰ সময়ত আৰক্ষীৰ প্ৰহাৰত আহত হয় অৰুণিমা দাস নামৰ এগৰাকী মহিলা৷  ‘চৰকাৰ তথা আৰক্ষীৰ এই কাৰ্য অগণতান্ত্ৰিক’ বুলি ক্ষোভ প্ৰকাশ সংবাদমেলত৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৪ হাজাৰ কৰ্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ৷ এই প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষীয়ে৷ 





    আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ সোণোৱালৰ সভাৰ বাবে বন্ধ বিদ্যালয় ! নষ্ট এটা শৈক্ষিক দিন…





    উল্লেখ্য যে প্ৰতিবাদৰ বাবে  প্ৰদেশ কংগ্ৰেছে অনুমতি লোৱাৰ পাছতো বাধা প্ৰদান কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি সমগ্ৰ বিষয় সন্দৰ্ভত আইনৰ সহায় ল’ব বুলি জানিবলৈ দিছে কংগ্ৰেছ নেতৃত্বই৷ লগতে নিৰ্বাচন আয়োগৰো কাষ চাপিব প্ৰদেশ কংগ্ৰেছে৷ অহা ২২ জানুৱাৰীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে সংবাদমেলত৷