• প্ৰথমতে হাতুৰীৰে ভীতি প্ৰদৰ্শন; তাৰ পাছত ৰে’লৰ পৰিত্যক্ত কোঠাত ধৰ্ষণ; তিনি বন্ধু লগত থাকিও সাৰি ন'গ

    আঞ্চলিক
    প্ৰথমতে হাতুৰীৰে  ভীতি প্ৰদৰ্শন; তাৰ পাছত ৰে’লৰ পৰিত্যক্ত কোঠাত ধৰ্ষণ; তিনি বন্ধু লগত থাকিও সাৰি ন'গ

    ডিজিটেল ডেস্ক : নাৰীৰ বিৰুদ্ধে অপৰাধৰ নিত্য-নতুন নজিৰ সৃষ্টি হৈছে দেশত। উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি দিল্লী, অসম, মহাৰাষ্ট্ৰ সকলোতে ঘটিছে নাৰীৰ বিৰু্দ্ধে অপৰাধৰ একাধিক নিৰ্মম ঘটনা। মহাৰাষ্ট্ৰৰ সাকীনাকাত সংঘটিত নিৰ্মম বলাৎকাৰ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ এজন ৩৫বছৰীয়া লোকে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ৰে’ল বিভাগৰ এটা পৰিত্যক্ত কোৱাৰ্টাৰলৈ লৈ গৈ লোকজনে ধৰ্ষণ কৰে নাবালিকাগৰাকীক। যোৱা শুকুৰবাৰে নিশা উলহাসনগৰ ৰে’ল ষ্টেচনৰ সমীপতে এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল। ভুক্তভোগী কিশোৰীগৰাকীয়ে আন তিনিগৰাকী বন্ধুৰ সৈতে ঘৰলৈ উভতি গৈ থকাৰ সময়তে অভিযুক্ত লোকজনে এটা হাতুৰীৰে তেওঁলোকক ভয় দেখুৱায় আৰু ১৪বছৰীয়া কিশোৰীগৰাকী এটা পৰিত্যক্ত কোৱাৰ্টাৰলৈ টানি লৈ যায়। তাতে বৰ্বৰভাৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰে অভিযুক্ত লোকজনে।





    অৱশ্যে এই দুষ্কাৰ্য সংঘটিত কৰা লোকজন সাৰি যাবলৈ সক্ষম নহ’ল। তেওঁক শনিবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে মূৰতো আঘাত পোৱা কিশোৰীগৰাকীক হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে। অভিযুক্ত লোকজনে কাহিলী পুৱা কিশোৰীগৰাকীক তেওঁৰ জিম্মাৰ পৰা মোকলাই দিয়ে। আৰু তাৰ পাছতে কিশোৰীগৰাকী আৰু তেওঁৰ বন্ধুকেইজন আৰক্ষীৰ কাষ চাপে। অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণ, নিৰ্যাতন আৰু প’কছো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে কল্যাণ জিআৰপিৰ জ্যেষ্ঠ পৰিদৰ্শক এগৰাকীয়ে। উদ্বেগজনকভাৱে প্ৰায় একেটা সময়তে পুনেৰ পৰাও কিশোৰীক দলবদ্ধ বলাৎকাৰৰ এটা জঘন্য ঘটনাৰ কথা পোহৰলৈ আহিছে।





    পুনেৰ এটা ৰে’লৱে ষ্টেচনৰ পৰা এগৰাকী ১৩বছৰীয়া কিশোৰীক অপহৰণ কৰি নি কমেও সাতজন লোকে দলবদ্ধ বলাৎকাৰ কৰিছিল। তেওঁক দুদিন আবদ্ধ কৰি ৰাখি ধৰ্ষণ কৰি গৈছিল পাশৱিক প্ৰবৃত্তিৰ লোককেইজনে। এই সাতজন লোকৰ ভিতৰত দুজন ৰে’ল বিভাগৰ কৰ্মচাৰীৰ লগতে ৫জন অটোৰিক্সা চালক আছিল। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিশোৰীগৰাকীৰ শাৰীৰিক তথা মানসিক অৱস্থাও অতি শোচনীয় হৈ পৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তেওঁক হাস্পতালত ভৰ্তি কৰি নিৰন্তৰ নীৰিক্ষণৰ মাজত ৰখা হৈছে। স্মৰ্তব্য যে, মাত্ৰ দুটা দিনৰ পূৰ্বে সাকীনাকাত এগৰাকী ৩৫বছৰীয়া মহিলাক বলাৎকাৰ কৰাৰ পাছত তেওঁৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল। নিৰ্মমভাৱে তেওঁৰ গোপন অংগত সুমুৱাই দিয়া হৈছিল লোৰ ৰদ। হাস্পতালত মৃত্যুৰে যুঁজ কৰি হাৰ মানিছিল মহিলাগৰাকীয়ে। এনে নিৰ্মম আৰু নিদাৰুণ ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশৰ প্ৰান্তে প্ৰান্তে নাৰীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ এই নজিৰে আমাৰ মন-মানসিকতাৰ সু্স্থতাৰ ওপৰতে যেন প্ৰশ্ন উত্থাপন কৰিছে।