National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
কাজিৰঙাঃ কাজিৰঙাত পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হৈছে এক ঘটনা৷ বিষাক্ত সৰ্পৰ দেহত প্ৰথমবাৰৰ বাবে Microchip সংস্থাপন কৰিছে কাজিৰঙা পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকে। পূৰ্বতে বিষাক্তহীন সাপৰ দেহত microchip সংস্থাপন কৰা CWRC চিকিৎসকে ৰাজ্যত প্ৰথমবাৰৰ বাবে বিষাক্ত সাপৰ দেহত MICROCHIP সংস্থাপনেৰে দুঃসাহসিক কাৰ্য কৰি দেখুৱাইছে।
‘KING COBRA’ অৰ্থাৎ ৰজা ফেঁটীৰ দেহত লগোৱা হৈছে Microchip। উল্লেখ্য যে ২০০৫ চনৰ পৰাই CWRC কৰ্তৃপক্ষই গঁড়, হাতী, হৰিণাৰ লগতে অনান্য বন্যপ্ৰাণীৰ লগতে অজগৰ সাপৰ দেহত Microchip সংস্থাপন কৰি জীৱকূলৰ গতিবিধি লক্ষ্য কৰাৰ লগতে চিনাক্তকৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এই MICROCHIP ব্যৱহাৰ কৰি আহিছিল। কিন্তু বিষাক্ত ৰজা ফেঁটী সাপৰ দেহত অত্যাধুনিক Microchip সংস্থাপন এয়াই প্ৰথম ঘটনা।
চিকিৎসকৰ দলটোৱে সাপৰ গতিবিধি চাবলৈকে এই বিশেষ পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে। পশু চিকিৎসক ভাস্কৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, কিছুদিনৰ পূৰ্বে পাণবাৰী অঞ্চলৰ পৰা দুডাল প্ৰকাণ্ড ৰজা ফেঁটী উদ্ধাৰ কৰি অনা হৈছিল কেন্দ্ৰটোলৈ। সাপ দুডাল উদ্ধাৰ কৰি অনাৰ পাছত microchip সংস্থাপন কৰি গতিবিধি লক্ষ্য কৰিবৰ হেতু CWRC কৰ্তৃপক্ষই সাপ দুডালক অৰণ্যত মুকলি কৰি দিয়ে।
Leave A Comment