• প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়

    আঞ্চলিক
    প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়

    স্বচ্ছ ভাৰত অভিযান। ২০১৪ চনতে ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰা এটা দেশব্যাপী প্ৰকল্প হৈছে স্বচ্ছ ভাৰত অভিযান। যাৰ মূল লক্ষ্য হ'ল ভাৰতৰ চৌপাশ পৰিস্কাৰ কৰি ৰখা আৰু বিজ্ঞানসন্মত শৌচাগাৰ নিৰ্মাণৰ দ্বাৰা ৰোগ নিৰাময় কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ২ অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তী সোঁৱৰণত নতুন দিল্লীৰ ৰাজঘাটত আনুষ্ঠানিকভাৱে এই অভিযানৰ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা এই প্ৰকল্পই ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে ইয়াৰ প্ৰভাৱ একেবাৰে গাঁও পৰ্যায়লৈকে সম্প্ৰসাৰিত হৈ পৰে।





    অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত, ভাৰতৰ সকলো গাঁও, গ্ৰাম পঞ্চায়ত, জিলা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০ কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰা লক্ষ্য লোৱা হৈছিল। স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায় ২০১৯ৰ অক্টোবৰলৈকে চলিছিল আৰু ইয়াৰ দ্বিতীয় পৰ্যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুক্ৰবাৰে আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে।





    এই অভিযানৰ মূলমন্ত্ৰ হ'ল গাঁও-চহৰ সমূহ পূৰ্বৰ দৰে আৱৰ্জনামুক্ত কৰি ৰখা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পানী সুৰক্ষিত কৰি ৰখা। উল্লেখ্য যে, এই অভিযানৰ দ্বিতীয় পৰ্যায়ৰ সময়সীমা ২০২৫ চনলৈকে নিৰ্দ্ধাৰিত কৰি চৰকাৰে বিভিন্নধৰণৰ কাৰ্যসূচী হাতত লৈছে। দ্বিতীয় পৰ্যায়ৰ এই অভিযানত চৰকাৰে মুঠ ১,৪০,৮৮১ কোটি টকা ধাৰ্য কৰিছে আৰু সেই ধনৰাশি শুকান আৰু তৰল জাবৰ নিস্কাষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব।