• প্ৰশাসন সষ্টমঃ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ পিষ্টল

    আঞ্চলিক
    প্ৰশাসন সষ্টমঃ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ পিষ্টল

    কৰিমগঞ্জঃ ৰাজ্যজুৰি অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই থকাৰ মাজতে কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে এটি পিষ্টল। বৃহস্পতিবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে এটি ৭.৬৫এমএম পিষ্টলসহ ৬জাই সজীৱ গুলী।





    লগতে ১৪ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু ৪৪ গ্ৰাম গাঁজা জব্দ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত আৰক্ষীৰ এক বিশাল দলে কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি আৰক্ষী থানাৰ অন্তৰ্গত জনৈক ছেলিমউদ্দিনৰ বাসগৃহত অভিয়ান চলাই উদ্ধাৰ কৰে এই অবৈধ সামগ্ৰীসমূহ। তদন্তৰ খাতিৰত বৰ্তমানেও আৰক্ষীয়েই সোধা-পোছা অব্যাহত ৰাখিছে।