• পৰকীয়া প্ৰেমৰ পৰিণতি, নৃশংস হত্যাৰ সাক্ষী হ’ল গুৱাহাটী মহানগৰ

    আঞ্চলিক
    পৰকীয়া প্ৰেমৰ পৰিণতি, নৃশংস হত্যাৰ সাক্ষী হ’ল গুৱাহাটী মহানগৰ

    গুৱাহাটী : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি৷ মহানগৰীৰ ৰাজপথতে ডিঙি ৰেপি নৃশংস হত্যা স্বামীক৷ গ্ৰেপ্তাৰ হয় স্বামী হত্যাত অভিযুক্ত পত্নী মঞ্জু বেগম৷ ঘটনাৰ পাছৰ পৰা পলাতক হৈ আছে মঞ্জুৰ প্ৰেমিক তথা অন্যতম অভিযুক্ত মণিৰ আলী৷ ৰাজধানী চহৰ গুৱাহাটীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড৷ জাহিদুল আলী নামৰ এজন যুৱকক ৰাজপথতে ডিঙি ৰেপি থৈ পলাইছিল কোনো অচিনাক্ত দুৰ্বৃত্তই৷





    আৰু পঢ়িব পাৰিব : অসমত লকডাউন তথা সান্ধ্যআইনৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত





    ঘটনাৰ স্থান মহানগৰীৰ ছয়মাইলৰ দ্বাৰান্ধাৰ শান্তিপথ৷ ৩ এপ্ৰিলৰ নিশা প্ৰায় ৯:৩০ বজাত যুৱকজনৰ ঘৰৰ সন্মুখতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা৷ পৰিয়াল তথা স্থানীয় লোকে যুৱকজনক হাস্পতাললৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল যুৱকজনক৷





    আৰু পঢ়িব পাৰিব :ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !





    আনহাতে মৃত্যুৰ পূৰ্বে জাহিদুলে লিখি থৈ গৈছিল হত্যাকাৰীৰ নাম৷ মৃত্যুৰ পূৰ্বে জাহিদুলে লিখা নোটৰ ভিত্তিত আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ কৰে জাহিদুলৰ পত্নী মঞ্জু বেগমক৷ আৰক্ষীৰ জেৰাত হত্যাকণ্ডৰ কথা স্বীকাৰ কৰে মঞ্জু বেগমে৷ হত্যাকাৰী পত্নীৰ স্বীকাৰোক্তি অনুসৰি, পূৰ্ব পৰিকল্পিতভাৱে মঞ্জু বেগমে মণিৰ আলীৰ সহযোগত হত্যা কৰিছিল স্বামী জাহিদুল আলীক৷ কাৰণ মণিৰ আলীৰ লগত জাহিদুলৰ পত্নী মঞ্জু বেগমৰ আছিল পৰকিয়া প্ৰেমৰ সম্পৰ্ক৷





    যাৰ বাবে মঞ্জু বেগমেই ৰচনা কৰিছিল স্বামী হত্যাৰ পৰিকল্পনা৷ আৰু মঞ্জু নিৰ্দেশতেই এইজন মণিৰ আলীয়ে ডিঙি ৰেপিছিল জাহিদুল আলীৰ৷ ঘটনা সংঘটিত কৰিয়েই পলাই যোৱা মণিৰ আলীক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে৷ কোনো লোকে এই অভিযুক্তজনক দেখিলেই আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনাইছে মহানগৰ আৰক্ষীয়ে৷