Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
কলগাছিয়া : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিনতি৷ প্ৰসূতি পত্নীক হত্যা কৰি পলায়ন কৰে স্বামী৷ কলগাছিয়াৰ গুণিয়ালগুৰিত সংঘটিত হয় এই নাৰকীয় হত্যাকাণ্ড | কলগাছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত ২০ দিনিয়া এটি পুত্ৰ সন্তানৰ প্ৰসুতি মাতৃক হত্যা কৰা ঘটনাই অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে | উল্লেখযোগ্য যে, বালাৰভিটা গাৱৰ আফাজ উদ্দিনৰ কন্যা আজমিনা খাতুন ওৰফে ময়না (১৯) ৰ দুবছৰ পূৰ্বে গুনিয়ালগুৰি গাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ওৱাহেদৰ পুত্ৰ আয়ুব মামুন ওৰফে মুন (২৪) ৰ লগত বিয়াপাশত আবদ্ধ হৈছিল |
বিয়াৰ পাছৰে পৰাই স্বামী আয়ুব মামুনে অইন এগৰাকী যুৱতীৰ লগত অবৈধ পৰকীয়া প্ৰেমত লিপ্ত হৈ আছিল| এই ঘটনাক কেন্দ্ৰ কৰি পতি-পত্নীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল আৰু স্বামী আয়ুব মামুনে পত্নী আজমিনাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল | প্ৰাপ্ত অভিযোগ মতে, দেওবাৰে নিশাও স্বামী আয়ুব মামুনে পত্নী তথা বিশ দিনীয়া প্ৰসূতি ৰোগী আজমিনা খাতুনক মাৰধৰ কৰাৰ লগতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে |
নিশা দুই বজাত স্বামী গৃহৰ একাংশ লোকে প্ৰসূতি বোৱাৰী তথা আজমিনা খাতুনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছত স্বামী গৃহৰ লোকে চিকিৎসালয়ৰ পৰা পলায়ন কৰে | ইফালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰিছে প্ৰসূতী আজমিনাৰ পিতৃ পৰিয়ালে |
Leave A Comment