নতুন দিল্লী: ভাৰতীয় ক্ৰিকেটাৰ ক্ৰুণাল পাণ্ডিয়া কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত শুকুৰবাৰে ভাৰতৰ লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু অলৰাউণ্ডাৰ কৃষ্ণাপ্পা গৌথমৰ কৰ’না পৰীক্ষা কৰা হয়। কৰ’না পৰীক্ষাৰ পাছত দুয়োৰে ফলাফল পজিটিভ আহে। বিচিচিআই-এ সদৰী কৰা অনুসৰি, কৰ’নাক্ৰান্ত ৩জন খেলুৱৈ ক্ৰমে ক্ৰুণাল, চাহাল আৰু গৌথমক শ্ৰীলংকাৰ চৰকাৰী নিৰ্দেশনা অনুসৰি ১০ দিনৰ বাবে আইছ’লেশ্যনত ৰখা হৈছে। ক্ৰুণালৰ সংস্পৰ্শলৈ অহা হাৰ্দিক পাণ্ডিয়া, পৃথ্বী শ্ব’, সূৰ্যকুমাৰ যাদৱ, মনীষ পাণ্ডে, দীপক চাহাৰ, আৰু ঈশান কিষাণৰ ফলাফল সম্প্ৰতি নিগেটিভ।
আটাইকেইজন খেলুৱৈয়ে তৃতীয় টি-২০ শৃংখলাত অংশগ্ৰহণৰ পৰা বিৰত আছিল। জানিব পৰা মতে, সূৰ্যকুমাৰ যাদৱ আৰু পৃথ্বী শ্ব’-এ শ্ৰীলংকাৰ পৰা ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হ’ব। ইয়াৰ পূৰ্বে ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ অহা আন ৬জন খেলুৱৈক কলম্বোত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, কৰ’না ফলাফল নিগেটিভ অহা ভাৰতৰ সদস্যসকলে বৃহস্পতিবাৰে টি-২০ শৃংখলা সমাপ্ত হোৱাৰ পাছত স্বদেশলৈ যাত্ৰাৰ যো-জা কৰিছে।
উল্লেখ্য যে, শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটো ২-১ গ'লত জয়ী হোৱাৰ পাছত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হয় টি-২০ত। বৃহস্পতিবাৰে অনুষ্ঠিত শৃংখলাৰ অন্তিম খেলখনত পৰাস্ত হয় ভাৰত। শ্ৰীলংকাই ৭ উইকেটত জয়লাভ কৰাৰ পাছত শিখৰ ধাৱানৰ নেতৃত্বত দলটোৱে টি-২০ শৃংখলাত ১-২ ৰ ব্যৱধানত পৰাভূত হয়।
Leave A Comment