• পৰ্যটকৰ বাবে পুনৰ বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান !

    আঞ্চলিক
    পৰ্যটকৰ বাবে পুনৰ বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান !

    মুছলপুৰ : পৰ্যটকৰ বাবে পুনৰ বন্ধ হৈ পৰিল বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰ প্ৰৱেশদ্বাৰ৷ কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশ তথা ৰাজ্যজুৰি ভয়ংকৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কালিৰেপৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷





    আৰু পঢ়িব পাৰিব : পোষ্টাৰ আঁৰি পৰেশ বৰুৱালৈ মুকলি প্ৰশ্ন !





    উল্লেখ্য যে ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল টাইগাৰ কনজাৰ্ভেছন অথৰিটীৰ উপ মহাপৰিদৰ্শক আৰু সহকাৰী উপ মহাপৰিদৰ্শক ড° বৈভৱ চি মাথুৰে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ পত্ৰযোগে প্ৰেৰণ কৰা নিৰ্দেশমৰ্মে যোৱা এক মে’ত এক বিবৃতিযোগে এই কথা সদৰি কৰিছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই৷





    আৰু পঢ়িব পাৰিব : বাকসাৰ শালবাৰীত ৩ টা গঁড়ৰ মুক্ত বিচৰণ





    বিবৃতিটোত উল্লেখ থকা অনুসৰি পুনৰ নিৰ্দেশনা নহালৈকে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ থাকিব৷ বন্ধৰ সময়ছোৱাত সকলো ধৰণৰ ক’ভিড বিধি মানি কেৱল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ববীয়া, বনৰক্ষী আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ-সুৰক্ষাৰ লগত জড়িত লোকেহে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব৷