National
They also approved the 'licence manufacturing' of
কাজিৰঙা : মহামাৰী ক'ভিডৰ আতংক কিছু হ্ৰাস পোৱাৰ পাছত পহিলা অক্টোবৰৰ পৰা দেশী-বিদেশীৰ পৰ্যটকৰ সুবিধাৰ্থে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ক'ভিড মহামাৰীয়ে ব্যৱসায়ৰ ক্ষেত্ৰখন বিগত প্ৰায় দুটা বছৰৰ জুৰুলা কৰাৰ পাছতে এতিয়া কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছে। বৃহত্তৰ কাজিৰঙা অঞ্চলত পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত থকা লোকক কিছু সকাহ দিবলৈ মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰাত পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত লোকসকল উৎফল্লিত হৈ পৰিছে।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে উদ্যান কৰ্তৃপক্ষই পথ, দলং, দৰ্শনচুঢ়া আদি মেৰামতি কৰাত উঠি-পৰি লগা দেখা গৈছে । উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩০% অঞ্চলত বৰ্তমান পৰ্যটকে দৰ্শন কৰিব পাৰিব।
কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখৰ পৰা ভৈচামাৰীলৈকে প্ৰায় ৯ কিলোমিটাৰ পথহে জীপ ছাফাৰী কৰিব পাৰিব । অন্যহাতে বাগৰি বনাঞ্চলৰ অধীনত পৰ্যটকে বাগৰি প্ৰবেশদ্বাৰৰ পৰা ডুঙা আৰু বিমলিলৈকে প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত জীপ ছাফাৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই।
Leave A Comment