• পৰ্যটন ক্ষেত্ৰলৈ নতুন গতি আনিছে অৰ্কিড উদ্যানে, নেতৃত্বত অখিল গগৈ

    আঞ্চলিক
    পৰ্যটন ক্ষেত্ৰলৈ নতুন গতি আনিছে অৰ্কিড উদ্যানে, নেতৃত্বত অখিল গগৈ

    কাজিৰঙা : কৰ'না প্ৰতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনত বিধস্ত সমগ্ৰ ৰাজ্যৰ পৰ্যটন খণ্ড৷ এনে সময়তে এজন ব্যক্তিৰ নিজ প্ৰচেষ্টাত গঢ় লৈ উঠিছে পৰ্যটকৰ বাবে আকৰ্ষণস্থলী৷ যিয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে অসমৰ পৰ্যটন খণ্ডলৈ৷ কাজিৰঙাত থকা অৰ্কিড উদ্যানখনে অসমৰ পৰ্যটন খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী বিভিন্নজন৷ কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ২০১৫ চনত আৰম্ভ কৰা হৈছিল৷ এই উদ্যানখনৰ প্ৰতিজোপা গছ, ফুলক লৈ এগৰাকী ব্যক্তিয়ে বিশেষ প্ৰচেষ্টা হাতত লৈছিল৷









    বিশেষকৈ পৰ্যটনৰ বাবে এই প্ৰচেষ্টা হাতত লৈছিল এই ব্যক্তিগৰাকীয়ে৷ ব্যক্তিগৰাকী আনকোনো নহয় এতিয়াৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ দুবছৰে কাৰাৰুদ্ধ জীৱন কটোৱাৰ পাছত প্ৰথমবাৰলৈ শনিবাৰে বিধায়ক অখিল গগৈ উপস্থিত হয় কাজিৰঙাৰ এই অৰ্কিড উদ্যানখনত৷ এই উদ্যানখন সম্পৰ্কে তেওঁৰ পৰিকল্পনাক লৈ ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰে বাৰ্তালাপ কৰে বিধায়কগৰাকীয়ে৷ তেওঁ সদৰি কৰে যে, কাজিৰঙাৰ পৰ্যটনৰ বাবে নতুন পৰিকল্পনা হাতত লৈছে বিধায়কগৰাকীয়ে৷ ১ নৱেম্বৰৰ পৰা অৰ্কিড উদ্যানত থাকিব বিধায়কগৰাকী৷ অত্যাধুনিক নৌকা বিহাৰৰ ব্যৱস্থা কৰিব অৰ্কিড উদ্যানখনত৷









    নিজ হাতেৰে বিভিন্ন অৰ্কিডৰ প্ৰতিপালন কৰিছে বিধায়ক অখিল গগৈয়ে৷ বাঁহনিৰ মাজত দেশী-বিদেশী পৰ্যটক থকাৰ ব্যৱস্থাও কৰিব উদ্যানত৷ উল্লেখ্য যে, ১০০বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় এই উদ্যানখনত৷ ৭৪ বিধ বিভিন্ন প্ৰজাতিৰ বাহেঁৰে সু-সজ্জিত হৈ আছে এই উদ্যানখন৷ আনহাতে ১ নবেম্বৰৰ পৰা থকাৰ সুবিধাও থাকিব এই উদ্যানখনত৷ ২০টা টেন্টত বাঁহনিৰ মাজত দেশী-বিদেশী পৰ্যটকক নিশা কটোৱাৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে৷ আনহাতে নিশাৰ ভাগত ১৪টা জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব পৰ্যটকে৷ পৰ্যটকৰ বাবে অসমীয়া থলুৱা খাদ্যৰো সমাহাৰ ঘটোৱা এই অৰ্কিড উদ্যানখনে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন ৰেঙনি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷