• পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব

    আঞ্চলিক
    পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব

    গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিৱেশৰ সন্দৰ্ভত জিএমচিএইচত সাংবাদিকৰ আগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, ক'ভিড আক্ৰান্তৰ সংখ্যা ১০০জনলৈ স্পৰ্শ কৰা জিলাসমূহত বন্ধ হ’ব প্ৰাথমিক বিদ্যালয়। অংকুৰৰপৰা অষ্টম শ্ৰেণীলৈ প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ৮ মে'ৰ পৰা অনুষ্ঠিত হ'ব মেডিকেলৰ চূড়ান্ত পৰীক্ষা। পূৰ্বতকৈ বাঢ়িছে আক্ৰান্তৰ সংখ্যা। অৱশ্যে বৰ্তমানো নিয়ন্ত্ৰণাধীন হৈয়ে আছে ক'ভিড পৰিস্থিতি। জিএমচিএইচত ২৬০খন বিচনাৰ লগত সংলগ্ন কৰা হৈছে ১৮০খন বিচনা।





    আৰু পঢ়িব পাৰিব : ‘বিপদগ্ৰস্ত’ ভাৰতৰ কাষত থিয় দিলে গুগল, মাইক্ৰ’ছফ্ট-এ





    আইচিইউৰ সংখ্যা ১৩ৰ পৰা ৯২লৈ বৃদ্ধি কৰা হৈছে। কালাপাহাৰকে ধৰি ১৫০খন আচিইউ বিচনা বৰ্তমানেও সাজু আছে। আই চিইউ আৰু বিচনাৰ অভাৱ নহয় পৰৱৰ্তী সপ্তাহ পৰ্যন্ত। ৫২জন কৰ'নাত আক্ৰান্ত চিকিৎসাধীন হৈ আছে আইচিইউত । নতুনকৈ ২৫৪খন আইচিইউ বিচনা নিৰ্মাণ কৰাৰ সুবিধা আছে জিএমচিএইচত। মন্ত্ৰীগৰাকীয়ে কয় যে, জিএমচিএইচৰ পৰা ল'ব পাৰিব ৰেমডিছিভি। ২৫ হাজাৰ মজুত আছে ৰেমডেছিভি। বৰ্তমানে ২৫০০ ৰেমডিছিভি মজুত ৰখা হৈছে নাৰ্ছি হোমৰ বাবে। চৰকাৰী মূল্য ১৫৬৮ টকাৰ অধিক ল'ব নোৱৰিব। লগতে প্ৰবাসী অসমীয়াৰ বাবে ৰখা হৈছে ১০০০ ড'জ ৰেমডিচিভি।





    আৰু পঢ়িব পাৰিব : অ’এনজিচিৰ কৰ্মচাৰী অপহৰণকাণ্ডত জড়িত ৩ আৰক্ষী জোৱান !






    আনহাতে, জিএমচিৰ অধীক্ষক ডাঃ অভিজিত শৰ্মায়ো ক’ভিড চিকিৎসা সন্দৰ্ভত মন্তব্য আগবঢ়ায় এনেদৰে- জিএমচিএইচত থাকিব ২২ হাজাৰ ড'জ ৰেমডেচিভি। ৫০ মেট্ৰিক টন উৎপাদন কৰে এই দুই প্ৰতিষ্ঠানে। বৰ্তমানে ৰাজ্যত ২টা প্ৰতিষ্ঠানে উৎপাদন কৰে অক্সিজেন। মেডিকেল কলেজসমূহৰ প্লাণ্টত উৎপাদন ৫ মেট্ৰিক টন।





    আৰু পঢ়িব পাৰিব : বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে





    বঙাইগাঁও, ডিমাপুৰৰ প্লাণ্টৰ পৰাও সংগ্ৰহ কৰা হ'ব অক্সিজেন। ভূটানৰ প্লাণ্টতো উৎপাদন হ'ব অক্সিজেন। ৪৬০ মেট্ৰিক টন অক্সিজেন মজুত কৰাৰ সুবিধাও আছে ৰাজ্যত। ৰাজ্যত বৰ্তমান ২০০খন মেট্ৰিক টন অক্সিজেন সৰবৰাহ কৰিব পৰা ৩০খন টেংকাৰ আছে।