North East
তেজপুৰ: তেজপুৰৰ যুৱতীৰ আত্মহত্যাৰ আঁৰত নলবাৰীৰ যুৱক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ সোমবাৰে পুৱাই নলবাৰী সদৰ থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত যুৱকজনে৷
তেজপুৰৰ যুৱতীৰ নগ্ন ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত৷ ইয়াৰ পাছতে ফটো ভাইৰেল হোৱা যুৱতীগৰাকীয়ে ৫ আগষ্টত শৰীৰত জুই লগাই আত্মহত্যা কৰে৷
তেজপুৰৰ বান্ধমাৰী বৰঘোপ অঞ্চলৰ সন্তোষ দৈমাৰীৰ কন্যা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী হিয়ামণি দৈমাৰীৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ পৰিয়ালৰ অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ এখন দলঙৰ নিৰ্মাণ কাৰ্যৰ ঠিকাদৰৰ কৰ্মচাৰী ৰেকিবুদ্দিন আহমেদৰ লগত প্ৰেমৰ সম্পৰ্ক চলি আছিল৷ নলবাৰীৰ তৌমুৰা বুঢ়ীনগৰৰ ৰেকিবুদ্দিনে নিজকে ৰঙিয়াৰ সঞ্জয় তালুকদাৰ বুলি চিনাকি দি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই আছিল৷ কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে সম্পৰ্কৰ বিচ্ছেদ হোৱাত যুৱকজনে হিয়া দৈমাৰীৰ নগ্ন ফটো সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি অভিযোগ তুলিছে৷
ফটো ভাইৰেল হোৱাৰ পৰিণতিতে যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে৷ ঘটনাৰ পাছৰেপৰা অভিযুক্ত যুৱক ৰেকিবুদ্দিনে পলাতক অৱস্থাত আছিল৷ ইপিনে অভিযুক্ত ৰেকিবুদ্দিনক বিচাৰি তেজপুৰৰ তদন্তকাৰী আৰক্ষী বিষয়া শৰৎ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নলবাৰীত অভিযান চলাই আছিল৷
অৱশেষত সোমবাৰে পুৱাই অভিযুক্ত ৰেকিবুদ্দিনে নলবাৰী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে৷ অভিযুক্ত ৰেকিবুদ্দিনে নিজকে নিৰ্দোষী বুলি দাবী জনায়। এই ঘটনাৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ কৰে৷ আত্মহত্যা কৰা যুৱতীগৰাকীৰ সৈতে ভাল বন্ধুত্ব আছিল বুলি প্ৰকাশ কৰাৰ লগতে তেওঁ নিজকে সঞ্জয় তালুকদাৰ বুলি চিনাকি দিয়া নাছিল বুলি উল্লেখ কৰি তেওঁৰ মোবাইলেৰে কোনোধৰণৰ ফটো ভাইৰেল হোৱা নাই বুলিও দাবী কৰে৷
Leave A Comment