• ফেচবুক প্ৰেমৰ ৰাগি : প্ৰৱঞ্চক প্ৰেমিকৰ জালত পৰি মহানগৰীৰ ৰাজপথত দিশহাৰা যুৱতী

    আঞ্চলিক
    ফেচবুক প্ৰেমৰ ৰাগি : প্ৰৱঞ্চক প্ৰেমিকৰ জালত পৰি মহানগৰীৰ ৰাজপথত দিশহাৰা যুৱতী

    গুৱাহাটী : অনলাইন প্ৰেম কৰি বহু যুৱক-যুৱতীয়ে প্ৰৱঞ্চিত হোৱাৰ ঘটনা প্ৰায়ে ঘটি থাকে৷ এইবাৰ ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰৱঞ্চক প্ৰেমিকৰ কৱলৰ পৰা কথমপি উদ্ধাৰ হ'ল এগৰাকী যুৱতী। প্ৰেমিকৰূপী প্ৰৱঞ্চকে প্ৰেমৰ জালত ফচাই বহিঃৰাজ্যত বিক্ৰী কৰাৰ চক্ৰান্ত ফাদিল কৰিলে আৰক্ষীয়ে। মহানগৰীৰ নুনমাটিৰ ফৰেষ্ট গেটত উদ্ধাৰ হ’ল এহাল যুৱক-যুৱতী। মাত্ৰ ৫ দিনতেই ফেচবুকত চিনাকি হৈ বহিঃৰাজ্যৰ পৰা পলাই অহা এহাল যুৱক- যুৱতীক উদ্ধাৰ কৰে মহানগৰ আৰক্ষীয়ে।





    মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা আটক কৰা যুৱক-যুৱতীৰ ভিতৰত যুৱকজন উত্তৰ প্ৰদেশৰ বাৰানসীৰ বুলি জানিব পৰা গৈছে৷ আটকাধীন যুৱকজন নাছিৰুদ্দিন আনচাৰি (২০) ওৰফে আৰমান খান আৰু ১৭ বছৰীয়া যুৱতীগৰাকী হৈছে মেঘালয়ৰ তুৰাৰ।





    ভুক্তভোগী যুৱতী





    ইয়াৰে নাছিৰুদ্দিন আনচাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইতিমধ্যে ধৃত আনচাৰিয়ে উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱতীক বহিঃৰাজ্যৰ বেশ্যালয়ত বিক্ৰী কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বাৰানসীৰ বাসিন্দা নাছিৰুদ্দিনে ৫দিন পূৰ্বে ফেচবুকৰ জৰিয়তে মেঘালয়ৰ তুৰাৰ যুৱতীগৰাকীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ফেচবুকৰ জৰিয়তে নাছিৰুদ্দিনে যুৱতীগৰাকীৰ ফোন নম্বৰ সংগ্ৰহ কৰি বিয়াৰ প্ৰলোভন দি গুৱাহাটী ৰে’ল ষ্টেচন লৈ মাতিছিল৷





    যুৱতীগৰাকীয়ে গুৱাহাটী ৰে’ল ষ্টেচনলৈ আহি প্ৰেমিক নাছিৰুদ্দিন আনচাৰিক সাক্ষাৎ কৰাৰ পাছতে কৌশলৰে যুৱতীগৰাকীক নাৰেংগীৰ ফৰেষ্ট গেটলৈ লৈ আনে। নাৰেংগীলৈ অহাৰ পাছত যুৱতীগৰাকীয়ে যুৱকজনৰ কাৰচাজি বুজিব পাৰি ৰাজপথতে কন্দা-কটা কৰি আছিল। সমগ্ৰ ঘটনাটো স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ পাছত যুৱতীগৰাকীক সোধা-পোছা কৰাত সকলো কথা ওলাই পৰে। যুৱকজনৰ ওপৰত সন্দেহ ওপজাত ৰাইজে দুই যুৱক-যুৱতীক নুনমাটি আৰক্ষীক গতাই দিয়ে। নুনমাটি থানাৰ আৰক্ষীয়ে তদন্তৰ পাছত মেঘালয়ৰ তুৰা থানাৰ আৰক্ষীক গতাই দিয়ে যুৱতীগৰাকীক।