Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
বকোঃ পহিলা বিহুৰ দিনাই এক হত্যাকাণ্ড জোকাৰী গ’ল বকোৰ ছমৰীয়া অঞ্চল৷ তিনি বন্ধুৱে নিশা একেলগে বিহুৰ এসাঁজ খাই ওভতাৰ পথত সংঘটিত কৰে এই হত্যাকাণ্ড৷ মৃতদেহ উদ্ধাৰ হয় নদীত৷ বকোৰ ২নং মাকেলীত সংঘতিত হয় এই হত্যাকাণ্ড৷ মৃত যুৱকজন ২নং মাকেলীৰ বিশ্বজিৎ বিশ্বাস (৩০)। নিৰ্মমভাৱে হত্যা কৰা হৈছে যুৱকজনক। মুখমণ্ডলত বহুকেইটা আঘাতৰ চিন স্পষ্ট। কাণ এখন কাটি দিয়া হৈছে যুৱকজনৰ।
আৰু পঢ়িব পাৰিব :ডিমৌত ভয়ংকৰ পথদুৰ্ঘটনাঃ নিহত ২, আহত ৩
কালি সন্ধিয়া ছমৰীয়াত দোকান বন্ধ কৰি উভটাৰ পাছত সন্ধানহীন হয় যুৱকজন। পুৱা আত্মীয়ই বিচাৰি শিংৰা নৈৰ সুঁতিত উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহ নিয়াতো বাধাপ্ৰদান কৰিছে স্থানীয় লোকে৷ ছমৰীয়াৰ আৰক্ষীৰ গাড়ীচালক হৰকান্ত দাসৰ বিৰুদ্ধে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ স্থানীয় লোকৰ৷
আৰু পঢ়িব পাৰিব :কাৰাগাৰৰ পৰাই ৰঙালীৰ শুভেচ্ছা জনালে অখিলেঃ বন্দিত্বৰ জীৱনে ৪৮৮টা দিন অতিক্ৰম
নিশা ধনঞ্জয় দাসৰ ঘৰত সঞ্জয় ৰাভা আৰু হৰকান্ত দাসে একেলগে বিহুৰ এসাঁজ খাইছিল৷ পুৱতিনিশা চাৰিবজলৈ একেলগে আছিল হৰকান্ত দাস৷ হঠাৎ চাৰি বজাত হৰকান্ত দাসৰ মোবাইল বন্ধ হয়, ইয়াৰ পাছতে ৰহস্যজনকভাৱে পুৱা শিংৰা নৈৰ সুঁতিত উদ্ধাৰ হয় হৰকান্ত দাসৰ মৃতদেহ৷ লগে লগে এক তিব্ৰ উত্তেজনা সৃষ্টি হয়৷ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষীক ঘেৰাও কৰি প্ৰতিবাদ স্থানীয় লোকৰ।
Leave A Comment