• বক্সিং কোৱাৰ্টাৰত অসমকন্যা লাভলীনা বৰগোহাঁই

    আঞ্চলিক

    ট’কিঅ’ : ২৩ বছৰীয়া ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ট’কিঅ’ অলিম্পিকত জাৰ্মানীৰ নাদিন এপেৎজক পৰাভূত কৰি দেশলৈ আনন্দ ঢল বোৱাইছে। অলিম্পিকত অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰে মঙলবাৰে কোকুগিকান এৰেনাত জাৰ্মানীৰ অভিজ্ঞ বক্সাৰ নাদিন এপেৎজৰ ওপৰত চমকপ্ৰদ কমাণ্ডিং প্ৰদৰ্শন কৰিছিল।
    জ্যেষ্ঠ বক্সাৰৰ ওপৰত বিভাজিত সিদ্ধান্তৰ দ্বাৰা জয়লাভ কৰাৰ লগে লগে লাভলীনাই মহিলা ‘ৱেলটাৰৱেট বিভাগ’ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পদকজয়ৰ পৰা মাত্ৰ এটা জয় দূৰত লাভলীনা! ছেমী ফাইনেললৈ উন্নীত হোৱাসকলক অলিম্পিক আয়োজকমণ্ডলীয়ে কমেও এটা ব্ৰঞ্জৰ পদকৰ আশ্বাস প্ৰদান কৰিছে। ‘ৰূপালী কন্যা’ মীৰাৱাঈ চানুৰ পাছত ভাৰতৰ নাম উজলোৱাৰ দিশে অসমজীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনাৰ জয়ত স্বাভাৱিকতে উল্লাসিত অসমবাসী।
    ৩০ জুলাই পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা।

    Weather Forecast