National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ ২নং জামদহাত শুকুৰবাৰে আবেলি আৰক্ষীৰ অভিযানত সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰা হয়। ধৃত সৰবৰাহকাৰীজনক গুৱাহাটীৰ বেহৰবাৰী বিষ্ণুনগৰৰ বিজয় দেৱ (২৮) বুলি জানিব পৰা গৈছে।
আৰু পঢ়িব পাৰিব : গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ
জব্দকৃত গাঁজাখিনিৰ পৰিমাণ ১৩ কিলোগ্ৰাম ১০০ গ্ৰাম। গাঁজাৰ মূল্য ১ লাখ টকা হ’ব। এক গোপন খবৰৰ ভিত্তিত গেৰুকাবাৰী তহলদাৰী আৰক্ষীয়ে অভিযান চলাই AS 01AM-5124 নম্বৰৰ নেনো গাড়ী এখনত ২নং জামদহাৰ এটা পুখুৰীৰ পাৰত ৰৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত সৰবৰাহকাৰীজনক।
আৰু পঢ়িব পাৰিব : বিজেপিৰ শেনচকুৰপৰা বছাবলৈ ৰাজস্থানৰ ৰিজ’ৰ্টত মহাজোঁটৰ প্ৰাৰ্থী
জব্দকৃত গাঁজাসমূহ গাড়ীখনৰ ভিতৰত বস্তাত সুমুৱাই লৈ আহিছিল। পাছত আৰক্ষীয়ে ১৪২/২০২১, ইউ/এছ- ২২ (বি) নম্বৰৰ এক গোচৰ ৰুজু কৰি বঙাইগাঁৱৰ আদালতত হাজিৰ কৰি ধৃত বিজয় দেৱক জে'ললৈ প্ৰেৰণ কৰে।
Leave A Comment