International
ওদালগুৰিঃ শিল্পী পেঞ্চন, বৃদ্ধ পেঞ্চনৰ তথা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বহু শিল্পী! পোন্ধৰ বছৰ বয়সৰ পৰা ব্যাস সংগীতৰ সাধনা কৰি অহা ওদালগুৰি জিলাৰ চাৰি নং ৰজাগড় গাঁৱৰ ব্যাসৰ ওজা পৃথুৰাম নাথে আজিলৈ লাভ কৰা নাই বৃদ্ধ পেঞ্চন, শিল্পী পেঞ্চন! ৮২ বছৰীয়া এইগৰাকী আজন্ম শিল্পীয়ে কেৱল বৃদ্ধ পেঞ্চন এটিৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে।
বাৰ্ধক্য আৰু দাৰিদ্ৰতাই কোঙা কৰা এইগৰাকী লোকশিল্পীৰ দুই বৃদ্ধ পত্নীয়েও নাপালে আজিলৈ বৃদ্ধ পেঞ্চন। উল্লেখ্য যে, আজোককাৰ দিনৰে পৰা বংশানুক্ৰমে এই উচ্চ মাৰ্গীয় লোককলা ব্যাস তথা সভাগোৱা ওজাৰ সাধনা কৰি আহিছে পৃথুৰাম নাথৰ পৰিয়ালে। পৃথুৰাম নাথে প্ৰথমে ব্যাস ওজাৰ এজন ‘পালি’ৰূপে অৱতীৰ্ণ হৈ পাছলৈ ২০ বছৰতকৈয়ো অধিক কাল ‘ওজা’ৰূপে থাকি সমগ্ৰ অবিভক্ত দৰং জিলাত খ্যাতি অৰ্জন কৰে।
সম্প্ৰতি জীৱনৰ বিয়লিবেলাতো এজন ব্যাস সংগীতৰ প্ৰশিক্ষক ৰূপে স্বীকৃত হৈ কেইবাটাও ওজাপালি দলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এইগৰাকী অনাখৰী লোকশিল্পীয়ে আজিলৈ শিল্পী পেঞ্চনটো বাদেই বৃদ্ধ পেঞ্চন লাভ নকৰাটো চৰম দুৰ্ভাগ্যজনক বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।
Leave A Comment