গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ শিক্ষাৰ্থীক লৈ জাৰি কৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ শিক্ষা লাভৰ ক্ষেত্ৰত যাতে কোনো ছাত্ৰ-ছাত্ৰী বঞ্চিত নহয় তাৰ বাবে উচ্চ ন্যায়ালয়ে দিয়ে এই নিৰ্দেশনা৷ কোনো ছাত্ৰ-ছাত্ৰীয়ে মাচুল নিদিলেও অনলাইন পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ছাত্ৰ- ছাত্ৰীক৷
ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ এই কঠোৰ সকীয়নী দিয়ে উচ্চ ন্যায়ালয়ে৷ ক'ভিড পৰিস্থিতিৰ বাবে বিদ্যালয়ৰ মাচুল হ্রাসক লৈ ন্যায়ালয়ত দিয়া আবেদনৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ব্যয় আৰু জমাৰ খতিয়ান দাখিলৰ নিৰ্দেশ দিয়ে৷ 'ফি ৰেগুলেটৰি' কমিটিক খতিয়ান দাখিলৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে৷ লগতে মাচুল হ্ৰাস সন্দৰ্ভত কমিটিয়ে চূড়ান্ত সিদ্ধান্ত লব বুলি নিৰ্দেশনাত উল্লেখ কৰে৷
ইয়াৰ উপৰি মাচুল হ্ৰাস হ’লে বিদ্যালয়ে অভিভাৱকক অতিৰিক্ত ধনৰাশি ঘূৰাই দিব লাগিব৷ অৱশ্যে মাচুল হ্রাসৰ আবেদনৰ বিৰোধীতা কৰিছিল ২০০খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷
Leave A Comment