• বটদ্ৰৱাৰ আধাৰ-কেন্দ্ৰত ব্যাপক কেলেংকাৰিঃ আটক ২

    আঞ্চলিক
    বটদ্ৰৱাৰ আধাৰ-কেন্দ্ৰত ব্যাপক কেলেংকাৰিঃ আটক ২

    ধিং : নগাঁৱৰ বটদ্ৰৱা উন্নয়ন খণ্ডত থকা আধাৰ-কেন্দ্ৰত ব্যাপক কেলেংকাৰি আৰু জালিয়াতিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাৰ সন্দৰ্ভত দালাল আৰু সহযোগীক আটক কৰে ধিং আৰক্ষীয়ে৷ কেন্দ্ৰটোত ৫০০ৰ পৰা ১২০০ টকাৰ বিনিময়ত বনোৱা হয় আধাৰ কাৰ্ড।





    আৰু পঢ়িব পাৰিব :এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ





    আনহাতে চিকিৎসকৰ বুৱা ছিল-মোহৰ জালিয়াতি কৰি গ্ৰেপ্তাৰ হয় আধাৰ কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ জুলফিকৰ আলী৷ দীৰ্ঘদিন ধৰি আধাৰ কাৰ্ড পঞ্জীয়ন কৰাৰ নামত জুলফিকৰ আৰু দুই সহযোগীয়ে চলাই আহিছিল ব্যাপক দুৰ্নীতি। আজি বটদ্ৰৱা উন্নয়ন খণ্ডৰ আধাৰ-কেন্দ্ৰত স্থানীয় লোকে হাতেলুটে ধৰা পেলাই এই সমগ্ৰ জালিয়াতিৰ ঘটনা।





    আৰু পঢ়িব পাৰিব :মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিলে বিজেপিত প্ৰাক্তন মন্ত্ৰীয়ে !





    জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে আন দুই সহযোগী দালালে৷ ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ জুলফিকৰ আলী আৰু এজন সহযোগীক আটক কৰে। লগতে জব্দ কৰিছে আধাৰ কাৰ্ডৰ নথি-পত্ৰ, তিনিটাকৈ চিকিৎসকৰ ভুৱা ছিল-মোহৰ আৰু বহু সামগ্রী।