Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
নগাঁও : ৰহাৰ খাইগড়ত বৃহস্পতিবাৰে এগৰাকী বনকৰা কিশোৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা একাংশ দল-সংগঠনে। জানিব পৰা মতে বনকৰা কিশোৰী চুমিলা ৰংহাংপীক মালিক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰে হত্যা কৰি জ্বলাই দিয়া বুলি অভিযোগ তুলিছে সংগঠনসমূহে।
আৰু পঢ়িব পাৰিব: ভুৱা চিকিৎসকৰ নতুন মোৰ : মহানগৰীৰ এখন কেফেত বনোৱা হৈছিল ভুৱা চাৰ্টিফিকেট
শুকুৰবাৰে এই সন্দৰ্ভত ৰহাত এক যুটীয়া সংবাদমেলযোগে সদৌ অসম ট্ৰাইবেল সংঘৰ নগাঁও জিলা সমিতি, কাৰ্বি ছাত্ৰ সন্থাসক কেইবাটাও সংগঠনে ইয়াক হত্যাকাণ্ড বুলি অভিযোগ তুলি উচিত তদন্ত কৰিবলৈ দাবী জনায়৷ লগতে অভিযুক্তই ছোৱালীজনীৰ পৰিয়ালক দহ লাখ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে। উল্লেখ্য ৰহাৰ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ চুমিলা ৰংহাংপী নামৰ ১৩বছৰীয়া কিশোৰীগৰাকী বন কৰা ছোৱালী হিচাপে আছিল।
আৰু পঢ়িব পাৰিব: ৰেড জ’ন ভাৰত! ছীডনীলৈ হ্ৰাস হ’ব বিমান সেৱা
কিন্তু বৃহস্পতিবাৰে অগ্নিদগ্ধ অৱস্থাত ঘৰৰ পিছফালে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ৰহা আৰক্ষীয়ে ঘটনাৰ সম্পৰ্কত ৯৭/২১ নম্বৰত ১২০ (বি), ৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক আটক কৰিছে।
Leave A Comment