• বনকৰা ল'ৰাক প্ৰশ্নকাকত অনাৰ দৰে দায়িত্ব কিয় দিছিল প্ৰধান শিক্ষক নজৰুল ইছলামে

    আঞ্চলিক
    বনকৰা ল'ৰাক প্ৰশ্নকাকত অনাৰ দৰে দায়িত্ব কিয় দিছিল প্ৰধান শিক্ষক নজৰুল ইছলামে

    ডিজিটেল ডেস্ক : অৱশেষত পোহৰলৈ আহিল মৰিগাঁৱৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ন-ন তথ্য ৷ মৰিগাঁৱৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ মূলনায়ক আটিকুল ইছলামক গ্ৰেপ্তাৰ কৰে অৰক্ষীয়ে। উল্লেখ্য যে, মৈৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বনকৰা লৰা আছিল আটিকুল ইছলাম। প্ৰধান শিক্ষক নজৰুল ইছলামে আটিকুলক বিদ্যালয়ৰ কামত ব্যৱহাৰ কৰিছিল। চোৰৰ হাততেই যেন লেগাম দিছিল প্ৰধান শিক্ষকে৷ আনকি আটিকুলক বিদ্যালয়ৰ চৌহদতে থাকিবলৈ সুবিধাও দিছিল নজৰুলে। মৰিগাঁও টাউন স্কুলৰ পৰা প্ৰশ্নকাকত নীতিবৰ্হিভূতভাৱে প্ৰধান শিক্ষকে অনাইছিল আটিকুলৰ সহায়ত। তাৰেই যেন সুবিধা ল'লে বনকৰা ল'ৰাজনে৷





    তাৰপাছতেই ২৫ আৰু ২৭ নৱেম্বৰত সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান প্ৰশ্নকাকত ফাদিল কৰে আটিকুলে। জানিব পৰা মতে, প্ৰতিখন প্ৰশ্নৰ বাবত ২০০০ কৈ টকা লৈছিল আটিকুলে। ২৫ নৱেম্বৰত নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত আগদিনাই বিক্ৰী কৰিছিল বুলি জানিবলৈ দিছে। পুনৰ ২৭ নৱেম্বৰত দশম শ্ৰেনীৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত আগ দিনাই বিক্ৰী কৰিছিল আটিকুলে।





    কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। চক্ৰ বিষয়াৰ তদন্তৰ ভিত্তিত দেওবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছে আটিকুলক। এই কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাজনো শিক্ষক। স্কুলৰ কৰ্মচাৰী নোহোৱাকৈ প্ৰশ্ন কাকত অনাৰ দৰে দায়িত্ব বনকৰা লৰা আটিকুলক প্ৰধান শিক্ষক নজৰুল ইছলামে কিয় দিছিল সেয়া ৰহস্যজনক।