• বনকৰ্মীৰ গুলীত নিহত দুবছৰীয়া শিশু : দোষীক ফাঁচিৰ দাবী স্থানীয় লোকৰ

    আঞ্চলিক
    বনকৰ্মীৰ গুলীত নিহত দুবছৰীয়া শিশু : দোষীক ফাঁচিৰ দাবী স্থানীয় লোকৰ

    ডিজিটেল ডেস্ক : এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বকোৰ দক্ষিণ শেখাদাৰীত ৷ বনকৰ্মীৰ গুলীত নিহত হয় এটি দুবছৰীয়া শিশু ৷ তাৰপাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ ঘটনাৰ সবিশেষ অনুসৰি, বকোৰ শেখাদাৰী অঞ্চলত হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত অতিষ্ট হৈ বনবিভাগক খবৰ দিছিল স্থানীয় লোকে৷





    বনকৰ্মী ঘটনা স্থলীত উপস্থিত হৈ হাতী খেদিবলৈ গুলী চালনা কৰে৷ তাতেই ঘটিল অঘটনটো৷ হাতীক খেদিবলৈ চলোৱা গুলীত মৃত্যু হয় দুবছৰীয়া কন্যা শিশু ৰ৷ তাৰপাছতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত৷ দোষী বনকৰ্মীক ফাঁচিৰ দাবীত কৰে প্ৰতিবাদ জনতাই৷





    ১৭নং ৰাষ্ট্রীয় ঘাইপথো অৱৰোধ কৰে প্ৰতিবাদী জনতাই৷ অৱশেষত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে আৰক্ষী জোৱান আৰু চিআৰপিএফে৷ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰহাৰত আহত হয় বহুকেইজন প্ৰতিবাদীও৷ বৰ্তমানেও অঞ্চলটোত শাম কটা নাই উত্তেজনা৷