National
উত্তৰাখণ্ডঃ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শুকুৰবাৰে ট’কিঅ’ অলিম্পিকত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভাৰতীয় মহিলা হকী দলৰ সদস্য বন্দনা কাটাৰিয়াক ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰে। টুইটাৰ যোগে তেওঁ সদৰী কৰে যে, ‘আমি গৌৰৱান্বিত, উত্তৰাখণ্ডৰ কন্যা বন্দনা কাটাৰিয়াই ট’কিঅ’ অলিম্পিকত মহিলা হকীত ভাৰতৰ হৈ আগবঢ়োৱা প্ৰদৰ্শনত এক অবিস্মৰণীয় অৱদান আগবঢ়াইছিল। ইয়াৰ স্বীকৃতিস্বৰূপে, তেওঁক ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।’
ৰাজ্যখনত শীঘ্ৰেই এক আকৰ্ষণীয় নতুন ক্ৰীড়া নীতি প্ৰৱৰ্তন কৰাৰ লগতে বিভিন্ন খেলত উদীয়মান প্ৰতিভাক সুযোগ প্ৰদান কৰাত অগ্ৰগামী আঁচনি হাতত লোৱা হ’ব বুলিও তেওঁ সদৰী কৰে। উল্লেখ্য যে, ইতিহাস সৃষ্টিকাৰী ভাৰতীয় মহিলা হকী দলটোৱে প্ৰথমটো অলিম্পিক পদক অৰ্জন কৰাৰ সপোন অসম্পূৰ্ণ হৈ থাকিলও চলিত অলিম্পিকত মহিলা হকী দলে যে, নতুন ৰূপত উজলি উঠিছে সেয়া অনস্বীকাৰ্য।
Leave A Comment