Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ট’কিঅ’ : ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত শনিবাৰে অনুষ্ঠিত মহিলা হকী খেলখনত ভাৰতীয় মহিলা দলে জয়লাভ কৰিছে। ট’কিঅ’ৰ মঞ্চত পুল-‘এ’ৰ ৰোমাঞ্চকৰ খেলখনত দক্ষিণ আফ্ৰিকাক ৪-৩ গ’লত পৰাভূত কৰে ভাৰতে। বন্দনা কাটাৰিয়াৰ হেট্ৰিকে ৰচিলে ইতিহাস। ফৰৱাৰ্ড বন্দনা কাটাৰীয়াৰ হেট্ৰিকে চলিত ট’কিঅ’ অলিম্পিকত ভাৰতৰ মহিলা হকী দলৰ পদক জয়ৰ আশা উজ্জীৱিত কৰি তুলিছে। গ্ৰেট ব্ৰিটেইনে আয়াৰলেণ্ডক পৰাস্ত কৰিব পাৰিলেই কোৱাৰ্টাৰৰ বাবে ভাৰতৰ পথ প্ৰশস্ত হ’ব।
খেলৰ ৪, ১৭ আৰু ৪৯ মিনিটত বন্দনাই গ’ল দিবলৈ সক্ষম হৈছিল। আনহাতে ভাৰতৰ হৈ আনটো গ’ল দিয়ে নেহা গোৱেলে। দক্ষিণ আফ্ৰিকাই জয়লাভৰ বাবে বাৰম্বাৰ পিছ পৰাৰ পাছতো শক্তিশালী সঁহাৰি জনাইছিল। কিন্তু ভাৰতীয় মহিলাৰ ৰণকৌশলত ব্যৰ্থ হয় দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ হৈ খেলৰ ১৫ মিনিটত টাৰিন গ্লাছবী, ৩০মিনিটত অধিনায়ক এৰিন হাণ্টাৰ আৰু খেলৰ ৩৯ মিনিটত মাৰিজেন মাৰাইছৰ ষ্টীকৰ পৰা আহিছিল।
Leave A Comment