• বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত...

    আঞ্চলিক
    বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত...

    গুৱাহাটী : ৰাজ্যত ভয়াৱহতা সৃষ্টি কৰাৰ দিশে গতি কৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যাই৷ সোমবাৰে এদিনতে ৩ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছতে জনতাক অধিক সজাগ আৰু সাৱধানতা ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে৷





    আৰু পঢ়িব পাৰিব : পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব





    সোমবাৰে ৰাজ্যত আক্ৰান্ত হৈছে ৩,১৩৭জন লোক৷ ইয়াৰে কামৰূপ (মেট্ৰ’) জিলাতে ১১৫৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ২৬৮, কামৰূপ গ্ৰাম্যত ২৫৫জন, দৰঙত ১২৭জন লোক আক্ৰান্ত হৈছে৷ সোমবাৰে মৃত্যু ঘটিছে ১৫জন কোভিড ৰোগীৰ৷





    আৰু পঢ়িব পাৰিব : ‘বিপদগ্ৰস্ত’ ভাৰতৰ কাষত থিয় দিলে গুগল, মাইক্ৰ’ছফ্ট-এ





    কামৰূপ (মেট্ৰ’)ত এদিনতে কৰ’নাত আক্ৰান্ত ১০০০ অতিক্ৰম কৰাৰ পাছতে আজিৰে পৰা গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে৷ ১১ মে’লৈ বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহ৷ হোষ্টেলসমূহো ১৫ দিনৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ৷ অৱশ্যে শিক্ষানুষ্ঠানসমূহে অনলাইন ক্লাছ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীক৷