OffBeat
দক্ষিণ কামৰূপঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম হৈ আছে যদিও ৰাজ্যজুৰি অব্যাহত আছে ভিন্নৰূপী অমানৱীয় কাণ্ড! দক্ষিণ কামৰূপৰ কুকুৰমাৰাত কালি নিশা বন্ধ হোটেলৰ ভিতৰত এগৰাকী যুৱতী উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। কুকুৰমাৰাৰ ‘মাজনী’ নামৰ হোটেলখনৰ ভিতৰত আবদ্ধ হৈ আছিল উদ্ধাৰ হোৱা যুৱতীগৰাকী।
উদ্ধাৰ হোৱাৰ সময়ত যুৱতীগৰাকীক বহু পৰিমাণে ভয় আৰু শংকিত অৱস্থাত পোৱা গৈছিল। তাৰ ফলস্বৰূপে নিজৰ পৰিচয় দিবলৈয়ো সক্ষম নহ’ল যুৱতীগৰাকী। কি কাৰণত কোনে যুৱতীগৰাকীক হোটেলৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল, তাক লৈ সমগ্ৰ কুকুৰমাৰা অঞ্চলতে চাঞ্চল্য অব্যাহত আছে৷ যুৱতীগৰাকী হোটেলখনৰ ভিতৰত উদ্ধাৰ হোৱাৰ পাছত স্থানীয় লোকে উপায়হীন হৈ ছয়গাঁও আৰক্ষীক খবৰ দিয়ে৷
পাছত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীক হোটেলৰ তলা ভাঙি ভিতৰৰ পৰা বাহিৰলৈ অনা হয়। হোটেলখনৰ স্বত্বাধিকাৰীগৰাকী বৰ্তমানেও পলাতক অৱস্থাতে আছে বুলি আমাৰ সাংবাদিকে জনাইছে। কি উদ্দেশ্যে যুৱতীগৰাকীক হোটেলখনৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল, সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত! সকলো তথ্য আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিব।
Leave A Comment