ৰাষ্ট্ৰীয়
গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ বন বিভাগৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। বনাঞ্চলসমূহ বেদখলমুক্ত কৰাৰ আৰম্ভণি কৰিছে ৰাজ্যৰ বনবিভাগে। কিন্তু ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে যোৰাবাট খণ্ড বিষয়া কাৰ্যালয়ৰ চৌহদত।
বন বিভাগৰ নিজৰ মাটিকে বণিয়াক হস্তান্তৰৰ ব্লু-প্ৰিণ্ট ৰচিছে অসাধু বন বিষয়াই! যোৰাবাটত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ উলংঘা কৰি বন বিষয়াক মেনেজ কৰিছে এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে। যোৰাবাটৰ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ মাটিত ‘Sarwan Automobile’ৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ সিঙৰ চকু! সুৰেন্দ্ৰ সিং টেডৱালৰ নেতৃত্বত বনবিভাগৰ একাংশ উচ্চপদস্ত বিষয়াক মেজেজ কৰি চৰকাৰী মাটি নিজৰ কৰাৰ চক্ৰান্ত ফাদিল হৈছে।
বিভিন্নধৰণৰ দুৰ্নীতিৰ অভিযোগ আছে সিঙৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বেও বিভিন্ন কৌশলেৰে বনাঞ্চলৰ ভূমি বেদখল কৰি টেডৱালে নিৰ্মাণ কৰিছে বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান!
Leave A Comment