• বন মাফিয়াৰ তাণ্ডৱঃ আত্মৰক্ষাৰ বাবে গুলী বনকৰ্মীৰ

    আঞ্চলিক
    বন মাফিয়াৰ তাণ্ডৱঃ আত্মৰক্ষাৰ বাবে গুলী বনকৰ্মীৰ

    কাছাৰঃ কাছাৰত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ৷ ফ’ৰেষ্ট চেক গে’টৰ সন্মুখত বনকৰ্মীৰ ওপৰত আক্ৰমণ চলাই ফিল্মী কাইদাৰে পাৰ কৰাই নিলে চোৰাং চেগুন কাঠভৰ্তি ট্ৰাক৷ বনকৰ্মীয়ে ট্ৰাক ৰখাৰ চেষ্টা কৰিলে নিশা ফ’ৰেষ্ট বিট বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে অস্ত্ৰ লৈ বন মাফিয়াসকলে তাণ্ডৱ চলায়৷ বন মাফিয়াসকলৰ পৰা ৰক্ষাৰ বাবে শূন্যলৈ গুলী চালনা কৰে বনকৰ্মীসকলে। কৰ’নাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই বহিঃৰাজ্যৰ মিজোৰামৰপৰা অবাধে চোৰাং কাঠ সৰবৰাহ কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব: ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও





    নিতৌ অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰ হৈ শ শ চোৰাং চেগুনভৰ্তি ট্ৰাক কাছাৰত প্ৰৱেশ কৰাইছে বন মাফিয়াসকলে৷ আৰু এই অবৈধ এই ট্ৰাকসমূহ বন বিভাগে জব্দ কৰাৰ চেষ্টা কৰিলে বন মাফিয়াসকলৰ ৰোষত পৰিবলগা হয় বনকৰ্মীসকল। কাছাৰ জিলাৰ ধলাই ফ’ৰেষ্ট ৰেঞ্জৰ অধীনত থকা লায়লাপুৰ ফ’ৰেষ্ট বিট বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত নিশা এই চোৰাং কাঠ সৰবৰাহক লৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে, নিশা মিজোৰাম পৰা অহা MZ 05A 1025 আৰু MZ05A 1872 নম্বৰৰ দুখন চোৰাং চেগুন কাঠভৰ্তি ট্ৰাক যেতিয়া লায়লাপুৰ বিট বিষয়া কাৰ্যালয়ৰ সম্মুখত আহে তেতিয়া ট্ৰাক দুখন ৰখাবলৈ চেষ্টা কৰে বনকৰ্মীসকলে৷





    আৰু পঢ়িব পাৰিব: সৰ্ববৃহৎ বিবাহ বিচ্ছেদ, ক্ষতিপূৰণৰ পৰিমাণে চকু কপালত তুলিব আপোনাৰো!





    কিন্তু ট্ৰাক দুখন সম্পূৰ্ণ ফিল্মী কাইদাৰে বেৰিকেড ভাঙি কৰ্তব্যত নিয়োজিত বনকৰ্মীৰ ওপৰত আক্ৰমণ চলাই সেই স্থানৰ পৰা পলায়ন কৰে৷ বনকৰ্মীসকলে ট্ৰাক দুখনক ধৰাৰ চেষ্টা কৰে যদিও ট্ৰাক দুখন সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়৷ ইপিনে এই ঘটনাৰ পাছত সেই এলেকাৰ কেইবাজনো বন মাফিয়াই হাতত অস্ত্ৰ-শস্ত্ৰ লৈ নিশা ফ’ৰেষ্ট বিট বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বন কৰ্মীসকলৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায়৷ আৰু তেতিয়াই বন মাফিয়াসকলৰ হাতৰ পৰা ৰক্ষাৰ বাবে শূন্যলৈ গুলী চলাব লগা হয় বনকৰ্মীসকলে। এই ঘটনাত কেইবাজনো বনকৰ্মী আহত হৈছে বুলি ব্যক্ত কৰে বিট বিষয়া মনোজ সিনহাই৷