International
শুৱালকুছি : শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত নিজ গন্ধমৌত পাঁচ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলায় এটা লম্পটে৷ ঘটনাৰ এঘাৰ দিনৰ পাছতো অভিযুক্ত ধৰ্ষণকাৰীক শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাণ্ডত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি ১০ আগষ্টত নিজ গন্ধমৌ অঞ্চলৰ দিন হাজিৰা কৰা চাইদুল ইছলামৰ একমাত্ৰ কন্যাই নিজ ঘৰৰ বিছনাত বহি মোবাইলত খেলি আছিল ৷ এনেতে সিহঁতৰ ঘৰত কোনো নথকাৰ সুযোগত চফিকুল ইছলামে(২৪) শিশুটিক ধৰ্ষণ কৰে ৷ শিশুটিয়ে যন্ত্ৰণা সহ্য কৰিব নোৱাৰি কান্দি কান্দি পৰিয়ালৰ আগত বিৱৰি কয় ৷ লগে লগে পিতৃ চাইদুলে শুৱালকুছি আৰক্ষী থানাত লম্পট চফিকুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷
এজাহাৰৰ ভিত্তিত শুৱালকুছি আৰক্ষীয়ে ১০৮/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰে যদিও দীৰ্ঘদিনে শুৱালকুছি আৰক্ষীয়ে অভিযুক্ত কোনো সম্ভেদ উলিয়াব নোৱাৰাত স্থানীয় ৰাইজে আচৰ্য্য প্ৰকাশ কৰিছে ৷ ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি একাংশ সামাজিক সংগঠনে কৰা অভিযোগ অনুসৰি শুৱালকুছি আৰক্ষীয়ে নিয়ম মাফিক গোচৰ ৰুজু কৰি দায় সামৰিছে ৷ অভিযুক্তক আৰক্ষী তথা প্ৰশাসনে শীঘ্ৰেই কৰায়ত্ত নকৰিলে ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
Leave A Comment